প্ৰধানমন্ত্ৰী মোদীলৈ আন এক স্বীকৃতি, ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰুক গিয়ালপোৰে বিভূষিত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানে আগবঢ়াইছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভূটানলৈ বিভিন্ন সময়ত আগবঢ়াই অহা স্বীকৃতিস্বৰূপে মোদীলৈ এই সন্মান দেশখনৰ। বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ছোৱাত চুবুৰীয়া দেশখনলৈ ভাৰতে আগবঢ়াই অহা ভেকচিন আৰু অন্যান্য সাহায্যৰ স্বীকৃতি প্ৰদান কৰি মোদীক এই সন্মানেৰে বিভূষিত কৰা হৈছে বুলি সদৰি কৰিছে ভূটান চৰকাৰে।

ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিভূত হৈ পৰা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে। ভূটানৰ ৰজা জিগমী খেচৰ নামগিয়াল ৱাংচুকে এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভাৰতৰ সহায়ৰো বিশেষ শলাগ লয়।


দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এই সন্মানেৰে বিভূষিত কৰাত আনন্দ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ। অৰ্ডাৰ অৱ দ্য ড্ৰুক গিয়ালপো সন্মানে দুয়োখন দেশৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...