প্ৰধানমন্ত্ৰী মোদীয়ে আপোনাৰ বাবে প্ৰেৰণ কৰিছে ২ হাজাৰকৈ টকা; কোনে কোনে পাব এই টকা?

১২ কোটিতকৈও অধিক হিতাধিকাৰীৰ বাবে দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ পৰৱৰ্তী কিস্তি মুকলি কৰে৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰো এই অনুষ্ঠানত উপস্থিত থাকে৷ পিএম-কিষাণ আঁচনিৰ অধীনত ৯.৭৫ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ১৯,৫০০ কোটি টকাতকৈও অধিক ধনৰাশি স্থানান্তৰ কৰা হয়।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ২ হেক্টৰ লৈকে ভূমিধাৰণ/মালিকীস্বত্ব একত্ৰিত কৰা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক পৰিয়ালবোৰক তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬ হাজাৰ টকাৰ উপাৰ্জন সমৰ্থন প্ৰদান কৰা হৈছে। আঁচনিৰ নিৰ্দেশনা অনুসৰি, এই পুঁজি যোগ্য হিতাধিকাৰীসকলৰ বেঙ্ক একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হয়।

ইয়াৰ পূৰ্বে, ১৪ মে’ত প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৮ম কিস্তি মুকলি কৰিছিল য’ত পশ্চিম বংগৰ কৃষকসকলেও প্ৰথমবাৰৰ বাবে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছিল।

কেনেকৈ পৰীক্ষা কৰিব পিএম-কিষাণ কিস্তি?

• চৰকাৰৰ অফিচিয়েল ৱেবছাইটলৈ যাওক – https://pmkisan.gov.in/

• এতিয়া হোমপেজত ফাৰ্মাৰ্ছ কৰ্ণাৰ শাখা বিচাৰক

• হিতাধিকাৰীৰ স্থিতিৰ বিকল্পটো বাছনি কৰক। ইয়াত, হিতাধিকাৰীয়ে তেওঁৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰে। তালিকাখনত কৃষকজনৰ নাম আৰু তেওঁৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা পৰিমাণ থাকিব।

• এতিয়া আপোনাৰ আধাৰ নম্বৰ বা একাউণ্ট নম্বৰ অথবা ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক।

• তাৰ পিছত ‘Get data’ত ক্লিক কৰক

পিএম কিষাণ হিতাধিকাৰীৰ তালিকা কেনেদৰে পৰীক্ষা কৰিব?

• ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাওক

• হিতাধিকাৰীৰ তালিকাত ক্লিক কৰক।

• আপোনাৰ ৰাজ্য, জিলা, উপ-জিলা, খণ্ড আৰু গাঁও বাছনি কৰক।

• Get reportত ক্লিক কৰক।

আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰিবলৈ কোনসকল যোগ্য?

সকলো ভূমিধাৰক কৃষকৰ পৰিয়াল, যাৰ নামত কৃষিযোগ্য ভূমি ধাৰণ আছে, তেওঁলোক এই আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰিবলৈ যোগ্য।

কোনসকল যোগ্য নহয়?

ভূমিধাৰক, কৃষক পৰিয়াল য’ত ইয়াৰ এজন বা একাধিক সদস্যই সাংবিধানিক পদত অধিষ্ঠিত, লোকসভা/ ৰাজ্যসভা/ ৰাজ্যিক বিধান সভা/ৰাজ্যৰ সদস্য, কেন্দ্ৰীয়/ৰাজ্যৰ সকলো সেৱাপ্ৰাপ্ত বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰী, চিকিৎসক, অভিযন্তা, উকীল, চাৰ্টাৰ্ড একাউণ্টেণ্ট, আৰু পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰা আৰু অনুশীলন কৰি বৃত্তি সম্পন্ন কৰা স্থপতিবিদ।

পঞ্জীয়নৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন:

• কৃষিভূমিৰ কাকত

• আধাৰ কাৰ্ড

• আপডেট কৰা বেংক একাউণ্ট

• ঠিকনা প্ৰমাণ

• পাছপোৰ্ট আকাৰৰ আলোকচিত্ৰ

পিএম কিষাণৰ ধনৰাশিৰ স্থিতি পৰীক্ষা কৰিবলৈ পোনপটীয়া লিংক – ইয়াত ক্লিক কৰক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...