প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম। মোদীৰ ‘মন কী বাত’ত বাৰেকুৰীৰ হলৌ বান্দৰৰ প্ৰসংগ। বাৰেকুৰীবাসীক প্ৰশংসাৰে উপচালে প্ৰধানমন্ত্ৰীয়ে।

চৰকাৰ–প্ৰশাসনৰ গুৰুত্ব নাথাকিলেও বিৰল প্ৰজাতিৰ এক প্ৰাণীৰ বাবেই প্ৰখ্যাত হৈছে – অসমৰ প্ৰান্তীয় জিলা তিনিচুকীয়াৰ বাৰেকুৰী নামৰ গাওঁখন। আধুনিক সা-সুবিধাৰ পৰা বঞ্চিত গাওঁখন চৰ্চিত হৈছে – হলৌ বান্দৰৰ বাবে। এইখনেই বাৰেকুৰী গাঁও। গঞাৰ মৰম-আদৰত বছৰ বছৰ ধৰি বাৰেকুৰীত নিৰাপদে বাস কৰি আহিছে – হলৌ বান্দৰৰ কেইবাটাও জাকে। এই বাৰেকুৰী আৰু হলৌ বান্দৰেই স্থান পালে প্ৰধানমন্ত্ৰী মোদীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান মন কী বাতত।

প্ৰধানমন্ত্ৰীৰ হলৌ বান্দৰৰ উল্লেখে বাৰেবুৰীলৈ আনিছে আশাৰ বতৰা। উলাহে নধৰা হিয়া বাৰেকুৰীবাসীৰ বাবে।

হলৌ বান্দৰ চাবলৈ বাৰেকুৰীলৈ পৰ্যটক যায় যদিও পৰ্যটকৰ বাবে প্ৰশাসন তথা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। গাওঁখনত বৈদ্যুতিক তাঁৰত লাগি আৰু অচিন ৰোগত কেইবাটাও হলৌ বান্দৰৰ মৃত্যু হৈছিল। স্থানীয় ৰাইজৰ আশা প্ৰধানমন্ত্ৰীয়ে মন কী বাতত বাৰেকুৰী হলৌ বান্দৰৰ প্ৰসংগ তুলি ধৰাৰ পিছত চৰকাৰ প্ৰশাসনে গুৰুত্ব দিব। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চৰকাৰে হলৌ বান্দৰ সংৰক্ষণ তথা পৰ্যটনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি বাৰেকুৰী গাঁৱৰ ৰাইজে আশা কৰিছে।

বিৰল প্ৰজাতিৰ হলৌ বান্দৰক গাওঁখনত থকাৰ পৰিৱেশ প্ৰদান কৰি গাওঁবাসীয়ে বন্যপ্ৰাণী প্ৰীতিৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে। এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰেকুৰীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে। এতিয়া বাকী দায়িত্ব চৰকাৰ, বন বিভাগ প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...