প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম। মোদীৰ ‘মন কী বাত’ত বাৰেকুৰীৰ হলৌ বান্দৰৰ প্ৰসংগ। বাৰেকুৰীবাসীক প্ৰশংসাৰে উপচালে প্ৰধানমন্ত্ৰীয়ে।

চৰকাৰ–প্ৰশাসনৰ গুৰুত্ব নাথাকিলেও বিৰল প্ৰজাতিৰ এক প্ৰাণীৰ বাবেই প্ৰখ্যাত হৈছে – অসমৰ প্ৰান্তীয় জিলা তিনিচুকীয়াৰ বাৰেকুৰী নামৰ গাওঁখন। আধুনিক সা-সুবিধাৰ পৰা বঞ্চিত গাওঁখন চৰ্চিত হৈছে – হলৌ বান্দৰৰ বাবে। এইখনেই বাৰেকুৰী গাঁও। গঞাৰ মৰম-আদৰত বছৰ বছৰ ধৰি বাৰেকুৰীত নিৰাপদে বাস কৰি আহিছে – হলৌ বান্দৰৰ কেইবাটাও জাকে। এই বাৰেকুৰী আৰু হলৌ বান্দৰেই স্থান পালে প্ৰধানমন্ত্ৰী মোদীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান মন কী বাতত।

প্ৰধানমন্ত্ৰীৰ হলৌ বান্দৰৰ উল্লেখে বাৰেবুৰীলৈ আনিছে আশাৰ বতৰা। উলাহে নধৰা হিয়া বাৰেকুৰীবাসীৰ বাবে।

হলৌ বান্দৰ চাবলৈ বাৰেকুৰীলৈ পৰ্যটক যায় যদিও পৰ্যটকৰ বাবে প্ৰশাসন তথা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। গাওঁখনত বৈদ্যুতিক তাঁৰত লাগি আৰু অচিন ৰোগত কেইবাটাও হলৌ বান্দৰৰ মৃত্যু হৈছিল। স্থানীয় ৰাইজৰ আশা প্ৰধানমন্ত্ৰীয়ে মন কী বাতত বাৰেকুৰী হলৌ বান্দৰৰ প্ৰসংগ তুলি ধৰাৰ পিছত চৰকাৰ প্ৰশাসনে গুৰুত্ব দিব। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চৰকাৰে হলৌ বান্দৰ সংৰক্ষণ তথা পৰ্যটনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি বাৰেকুৰী গাঁৱৰ ৰাইজে আশা কৰিছে।

বিৰল প্ৰজাতিৰ হলৌ বান্দৰক গাওঁখনত থকাৰ পৰিৱেশ প্ৰদান কৰি গাওঁবাসীয়ে বন্যপ্ৰাণী প্ৰীতিৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে। এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰেকুৰীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে। এতিয়া বাকী দায়িত্ব চৰকাৰ, বন বিভাগ প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...