সাৱধান! নিয়ম নামানিলেই চালকে ভৰিব লাগিব জৰিমনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত তৎপৰ হৈ পৰিছে হোজাই জিলাৰ পৰিবহন বিভাগ। হোজাই জিলাৰ পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়াৰ উপস্থিতিত লামডিঙত চলিল তালাচী অভিযান। দুচকীয়া বাহন, তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত তালাচী চলালে পৰিবহন বিভাগে। চহৰখনৰ কেইবাটাও স্থানত চলালে তালাচী। দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা আৰু তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত নথি নথকা চালকক জৰিমনা পৰিবহন বিভাগৰ। যিসকল চালকে নথি অবিহনে অথবা নবীকৰণ নকৰাকৈ বাহন চলাই আছিল, সেইসকলক জৰিমনা বিহিছে হোজাই জিলাৰ পৰিবহন বিভাগে। জিলা পৰিবহন বিষয়াৰ তত্বাৱধানত আগন্তুক দিনতো নিয়মীয়াকৈ চলিব তালাচী অভিযান। সকলোকে নিজৰ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাৰ আহ্বান। লগতে জৰুৰী নথি সময়মতে পূৰণ কৰা প্ৰশাসনক সহযোগ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ। ১ ডিচেম্বৰৰ পৰা চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ আন এটা স্থানত বিস্ফোৰণৰ শব্দ

গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ভয়ংকৰ ঘটনা। বেহাৰবাৰীৰ পিছত গুৱাহাটীৰ...

গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণৰ শব্দ

গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণৰ শব্দ। বেহাৰবাৰীত ৰহস্যজনক বিস্ফোৰণৰ...

একেলগে ৮ যোৰা দৰা-কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি

আয়তীৰ উৰুলি, বিয়ানামেৰে মুখৰ বৰনামঘৰৰ প্ৰাংগন। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ...

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়। ২ উইকেটত জয়...