দুৰ্ঘটনাত পতিত বিভূতি শইকীয়াৰ বাবে গাঁওবাসীৰ প্ৰাৰ্থনা

দুৰ্ঘটনাত পতিত যুৱকৰ আশু আৰোগ্য কামানাৰে এখন গাঁৱত ৰাজহুৱা প্ৰাৰ্থনা। যোৱা ৯ মাৰ্চত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজন।

বিগত এসপ্তাহে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা সংস্কৃতিবান যুৱকজনৰ আশু আৰোগ্য কামনাৰে গাঁৱৰ নামঘৰৰ সন্মুখত নাম লৈ অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰিলে বৰভগীয়া গাঁৱৰ মহিলাসকলে।

উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ এগৰাকী উদীয়মান সাধক বিভূতিৰ সংকটজনক অৱস্থাত বিভিন্নজনে আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসাৰ বাবেও সহায়ৰ হাত আগবঢ়াইছে আৰ্থিক ভাৱে পিছপৰা পৰিয়ালটোক। কিন্তু বিগত এটা সপ্তাহে চিকিৎসাৰ ক্ষেত্ৰত কোনো পৰিবৰ্তন হোৱা নাই যুৱকজনৰ।

উদীয়মান যুৱকজনৰ এনে সংকটজনক অৱস্থাত মৰ্মাহত হৈ পৰিছে সকলো। সেয়েহে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰিয়েই যুৱকজনৰ আশু আৰোগ্য কামনা কৰিছে স্থানীয় মহিলাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...