দুৰ্ঘটনাত পতিত বিভূতি শইকীয়াৰ বাবে গাঁওবাসীৰ প্ৰাৰ্থনা

দুৰ্ঘটনাত পতিত যুৱকৰ আশু আৰোগ্য কামানাৰে এখন গাঁৱত ৰাজহুৱা প্ৰাৰ্থনা। যোৱা ৯ মাৰ্চত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজন।

বিগত এসপ্তাহে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা সংস্কৃতিবান যুৱকজনৰ আশু আৰোগ্য কামনাৰে গাঁৱৰ নামঘৰৰ সন্মুখত নাম লৈ অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰিলে বৰভগীয়া গাঁৱৰ মহিলাসকলে।

উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ এগৰাকী উদীয়মান সাধক বিভূতিৰ সংকটজনক অৱস্থাত বিভিন্নজনে আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসাৰ বাবেও সহায়ৰ হাত আগবঢ়াইছে আৰ্থিক ভাৱে পিছপৰা পৰিয়ালটোক। কিন্তু বিগত এটা সপ্তাহে চিকিৎসাৰ ক্ষেত্ৰত কোনো পৰিবৰ্তন হোৱা নাই যুৱকজনৰ।

উদীয়মান যুৱকজনৰ এনে সংকটজনক অৱস্থাত মৰ্মাহত হৈ পৰিছে সকলো। সেয়েহে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰিয়েই যুৱকজনৰ আশু আৰোগ্য কামনা কৰিছে স্থানীয় মহিলাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...