দুৱাৰডলিত প্ৰাণৰ দৌল মহোৎসৱ, বৰপেটা সত্ৰৰ দালানত হোলীগীতৰ ৰোল

দৌল মহোৎসৱ বুলি কলেই এক অনামী পুলকত নাচি উঠে বৰপেটা বাসীৰ দেহ মন প্ৰাণ ৷ বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ দুৱাৰডলিত ৷ বৰপেটা সত্ৰৰ দালানত বৰপেটাৰ যুৱকৰ হোলীগীতৰ ৰোল ৷

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিখ্যাত দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা ৷

দৌলক লৈ বৰপেটাবাসীৰ গাত তত্ নাইকীয়া ৷ দৌলক লৈ আপোন বিভোৰ বৰপেটাবাসীৰ দেহ-মন ৷
যিমানেই দৌল মহোৎসৱ ওচৰ চাপি আহিছে সিমানেই হোলীগীতৰ উতলা সুৰে পৰাণ পাগল কৰি তুলিছে বৰপেটাবাসীক৷

এয়া বৰপেটা সত্ৰৰ দালানত নিশা বৰপেটাৰ যুৱকৰ হোলীগীতৰ ৰোল ৷ দৌলৰ দিন চমু চাপি আহাৰ লগে লগে এনেদৰে বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহি সত্ৰৰ সম্মুখত নিশা দুপৰলৈকে হোলীগীত গাই কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...