দুৱাৰডলিত প্ৰাণৰ দৌল মহোৎসৱ, বৰপেটা সত্ৰৰ দালানত হোলীগীতৰ ৰোল

দৌল মহোৎসৱ বুলি কলেই এক অনামী পুলকত নাচি উঠে বৰপেটা বাসীৰ দেহ মন প্ৰাণ ৷ বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ দুৱাৰডলিত ৷ বৰপেটা সত্ৰৰ দালানত বৰপেটাৰ যুৱকৰ হোলীগীতৰ ৰোল ৷

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিখ্যাত দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা ৷

দৌলক লৈ বৰপেটাবাসীৰ গাত তত্ নাইকীয়া ৷ দৌলক লৈ আপোন বিভোৰ বৰপেটাবাসীৰ দেহ-মন ৷
যিমানেই দৌল মহোৎসৱ ওচৰ চাপি আহিছে সিমানেই হোলীগীতৰ উতলা সুৰে পৰাণ পাগল কৰি তুলিছে বৰপেটাবাসীক৷

এয়া বৰপেটা সত্ৰৰ দালানত নিশা বৰপেটাৰ যুৱকৰ হোলীগীতৰ ৰোল ৷ দৌলৰ দিন চমু চাপি আহাৰ লগে লগে এনেদৰে বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহি সত্ৰৰ সম্মুখত নিশা দুপৰলৈকে হোলীগীত গাই কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...