সুদলৈ ধন দি ৰাইজৰ তেজ খোৱা সুদখোৰ এতিয়া বিভিন্ন জেল হাজোতৰ আলহী


সুদলৈ ধন দি ৰাইজৰ তেজ খোৱা সুদখোৰ এতিয়া বিভিন্ন জেল হাজোতৰ আলহী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান। আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক এজনৰ পিছত আন এজন।
বিগত ২৪ ঘণ্টাত আটক একুৰি অধিক আলহী ৰঙাঘৰৰ।

অপাৰেশ্যন সুদখোৰ
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান
বিগত ২৪ ঘণ্টাত আটক একুৰি অধিক আলহী ৰঙাঘৰৰ
সুদলৈ ধন দি ৰাইজৰ তেজ খোৱা সুদখোৰ এতিয়া বিভিন্ন জেল হাজোতৰ আলহী। আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক এজনৰ পিছত আন এজন।
শনিবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে চলালে অভিযান। হাইলাকান্দি সদৰ থানা এলেকাত চলা ব্যাপক অভিযানত গ্ৰেপ্তাৰ ৯টা সুদখোৰ।
আৰক্ষীৰ বাহনত জাৰ মাৰ খাই বহিছে অম্লান দেবনাথ, জাকিৰ হুসেইন লস্কৰ, কাৰ্তিক দেবনাথ, মাধব শৰ্মা, তাজিম উদ্দিন লস্কৰ, উত্তম কুমাৰ দেবনাথ, ছামছুল হক বড়ভূইয়া, নবেন্দু দেবনাথ আৰু এগৰাকী মহিলা।
ধিং আৰক্ষীৰো অভিযান আৰম্ভ। ধিঙৰ বৰভেটী গাঁৱত সুদখোৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীয়ে চলোৱা অভিযানত আটক সুদখোৰ মইনুদ্দিন।
শনিবাৰে নিশা সোধপোচৰ অন্তত দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে সুদ খোৰ মইনুদ্দিনক।
জুৰীয়া আৰক্ষীয়ে চটিয়ানত ধৰিলে সুদখোৰ ছাইদুল ইছলাম।
বিগত দিনসমূহত জুৰীয়াৰ চটিয়ানত সুদৰ নামত সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ সুদখোৰ ছাইদুল ইছলামৰ বিৰূদ্ধে।
জেল হাজোতলৈ প্ৰেৰণ কৰে সুদ খোৰ ছাইদুল ইছলামক।
কলিয়াবৰতো সুদখোৰৰ বিৰুদ্ধে অব্যাহত অভিযানত বাগৰী আৰক্ষীৰ জালত পৰিল তিনিজন সুদখোৰ।
ধৃত তিনিজন কুঠৰী শিঙিজুৰিৰ নুৰুল ইচলাম ,ন-জানৰ আব্দুল হক আৰু ন-বস্তি ওপৰডাঙ্গাৰ হিৰেন বনিক বুলি চিনাক্ত।
ৰহাত জালত পৰিল দুটা সুদখোৰ। ৰহাৰ দীঘলীআটি আৰু লাউফুলাবড়ীৰ পৰা আটক আছাদ আলী আৰু হৰি ফুকন।
গোলকগঞ্জতো চৰাইখোলা গাঁৱৰ পৰা আটক সুদখোৰ গৌৰাংগ ৰায়। ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ প্ৰায় ৫৯ হাজাৰ টকা।
৩০ গ্ৰাম সো, ২০ গ্ৰাম ৰূপৰ অলংকাৰ, দলিল, এটিএম কাৰ্ড ট্ৰেক্টৰৰ ট্ৰলি আদি বহু সা সামগ্ৰী উদ্ধাৰ কৰে।
গৌৰাঙ্গৰ ঘৰৰ মাটিৰ তলত লুকুৱাই ৰখা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মূল্যৱান সামগ্ৰীসমূহ।
অত্যাধিক সুদ লৈ ৰাইজক হাৰাশাস্তি কৰা সুদখোৰৰ এতিয়া বাজিছে বিপদঘণ্টা।
আৰক্ষীৰ অভিযান চলিছে তীব্ৰতৰ, সাৱধান–সাৱধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...