আজিয়েই পৰিশোধ কৰক আপোনাৰ বকেয়া যান-বাহন কৰ

মাজত মাত্ৰ এটা দিন। আজিয়েই পৰিশোধ কৰক আপোনাৰ বকেয়া যান-বাহন কৰ। যান-বাহন কৰ পৰিশোধ কৰিবলৈ পৰিবহণ বিভাগে ধৰি দিছে ৩০ জুনৰ শেষ সীমা। পহিলা জুলাইৰ পৰাই কৰ নিদিয়া বাহনৰ বিৰুদ্ধে চলিব পৰিবহণ বিভাগৰ তীব্ৰ অভিযান। কৰ পৰিশোধ নকৰা বাহন দেখা মাত্ৰেই জব্দ কৰিব পৰিবহণ বিভাগে। কৰ অনাদায়ৰ বাহনৰ গৰাকীয়ে ভৰিব লাগিব বৃহৎ অংকৰ জৰিমনা। কেৱল মাত্ৰ কামৰূপ মহানগৰ জিলাতে ৰাইজে এতিয়াও পৰিশোধ কৰিবলৈ বাকী আছে ১০০ কোটিৰো অধিক টকাৰ যান–বাহন কৰ। বহু নিৰ্মাণকাৰী প্ৰতিষ্ঠান, ট্ৰেভেল এজেন্সীয়ে পৰিবহণ বিভাগক দিবলৈ আছে কোটি কোটি টকাৰ কৰ। কেইবা লাখ টকাও কৰ দিবলৈ আছে বহু বিলাসী বাহনৰ গৰাকীয়ে। সকলোকে ৩০ জুনৰ ভিতৰত বকেয়া কৰ আদায় দিবলৈ অনুৰোধ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ। অন্যথা ১ জুলাইৰ পৰা ৰাজপথত চলাব নোৱাৰিব কৰ অনাদায়ী বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...