বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাৰণৰ বাবে সাজু পেৰিছ

শুকুৰবাৰে হ’ব পেৰিছ অলিম্পিকৰ ব্যতিক্ৰমী বৰ্ণিল উদ্বোধনী অনুষ্ঠান
এইবাৰ ষ্টেডিয়ামৰ ভিতৰত নহয়, খেলুৱৈৰ পেৰেড হ’ব নৌকাত
পেৰিছ সাৱটি থকা চিয়েন নৈত ১০,৫০০ খেলুৱৈক লৈ হ’ব নৌকা পেৰেড
প্ৰদৰ্শিত হ’ব ফ্ৰান্সৰ ঐতিহ্যমণ্ডিত ইতিহাস সংস্কৃতি


শুকুৰবাৰৰ পৰা পেৰিছত আনুষ্ঠানিক আৰম্ভ হ’ব অলিম্পিকৰ মহাৰণ। এই মহাৰণত অংশ ল’বলৈ ইতিমধ্যে বিশ্বৰ ২০৬খন দেশৰ ১০ সহস্ৰাধিক খেলুৱৈ আৰু আন ১০ সহস্ৰাধিক কৰ্মকৰ্তা গৈ উপস্থিত হৈছে ফ্ৰান্সৰ ৰাজধানী চহৰখনত।

৩য়বাৰৰ বাবে পেৰিছ মহানগৰীত অনুষ্ঠিত হ’ব অলিম্পিক
পূৰ্বে ১৯০০ চন আৰু ১৯২৪ চনত পেৰিছত হৈছিল অলিম্পিক
এইবাৰ অলিম্পিকৰ বাবে আয়োজিত হৈছে ব্যতিক্ৰমী উদ্বোধনী অনুষ্ঠান


প্ৰত্যেকখন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান হৈছে এই ক্ৰীড়া মহাৰণৰ অন্যতম বৈশিষ্ট। প্ৰতিখন অলিম্পিকেই কাৰুকাৰ্যখচিত আৰু ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ উদ্বোধনী অনুষ্ঠান আয়োজন কৰে। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আয়োজক দেশসমূহে বিশ্বৰ সন্মুখত প্ৰতিফলিত কৰে সেই দেশসমূহৰ সমৃদ্ধ ঐতিহ্য পৰম্পৰা। এই ক্ষেত্ৰত এইবাৰ ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে পেৰিছ অলিম্পিক। এইবাৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান কোনো ষ্টেডিয়ামত নহয় হ’ব এখন নৈৰ ওপৰত।

পেৰিছৰ মাজবুকুৱেদি বৈ গৈছে প্ৰখ্যাত চিয়েন নৈ
এই নৈখনৰে পূবা-পশ্চিমাকৈ ৬ কিলোমিটাৰ দৈৰ্ঘ জুৰি অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান
চিয়েন নৈৰে ৯৪খন নাৱত প্ৰায় ১০,৫০০ খেলুৱৈক লৈ হ’ব শোভাযাত্ৰা
প্ৰতিখন নাৱত থাকিব অত্যাধুনিক কেমেৰাসহ আন আন সা-সজুলি
পেৰিছৰ ঐতিহাসিক স্মাৰকসমূহৰ কাষেদি পাৰ হ’ব এই নৌকা অভিযান
পেৰিছৰ আউষ্টাৰলিজ দলঙৰ পৰা আৰম্ভ হ’ব এই নৌকা বিহাৰ
পেৰিছৰ প্ৰখ্যাত স্মাৰক নত্ৰেডেম, লুভ সংগ্ৰহালয়ৰ কাষেদি পাৰ হ’ব
বিশ্বপ্ৰসিদ্ধ আইফেল টাৱাৰৰ ওচৰত IENAত দলঙত সমাপ্ত হ’ব এই অভিযান
৮০ খন স্থানত বৃহৎ স্ক্ৰীণত প্ৰদৰ্শিত হ’ব খেলুৱৈসকলক লৈ এই নৌকা বিহাৰ
অলিম্পিকৰ ইতিহাসত কাইলৈৰ অনুষ্ঠান হ’ব সৰ্ববৃহৎ

ফ্ৰান্সৰ স্থানীয় সময় ৭.৩০ বজাত আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান। সমগ্ৰ বিশ্বত প্ৰদৰ্শিত হ’ব উদ্বোধনী অনুষ্ঠান। চিয়েন নদীৰ দুয়ো পাৰে দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে। খেলুৱৈসকলে ৬ কিলোমিটাৰ যোৰা নৌকা বিহাৰৰ কালত উপস্থিত দৰ্শকৰ অভিবাদন গ্ৰহণ কৰিব।

বিশ্বৰ ১২০ খন দেশৰ মূৰব্বী উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত
অলিম্পিকক লৈ সমগ্ৰ পেৰিছ জুৰি সৃষ্টি হৈছে উন্মাদনা
অতি কটকটীয়া কৰি তোলা হৈছে পেৰিছৰ নিৰাপত্তা ব্যৱস্থা
ভাৰতীয় সময়মতে নিশা ১১.৩০ বজাত আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান


মুঠতে এক বৰ্ণিল উদ্বোধনী অনুষ্ঠানৰ অপেক্ষাত সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...