ৰাজ্যৰ ৫ পৰিৱেশ কৰ্মীলৈ বিজ্ঞান- প্ৰযুক্তি পৰিষদৰ ‘পৰিৱেশ মিত্ৰ’ সন্মান

সমগ্ৰ ৰাজ্যজুৰি পালিত হোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অসম বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন পৰিষদে অসমৰ ৫গৰাকী ব্যক্তিলৈ আগবঢ়াইছে চলিত বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান। ৰাজ্যৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহনাৰ বাবে তেওঁলোকক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। এইসকলৰ ভিতৰত আছে নদী বিশেষজ্ঞ ডাঃ যোগেন্দ্ৰ নাথ শৰ্মা, পুনৰ ব্যৱহাৰযোগ্য শক্তি সম্পৰ্কীয় বিশেষজ্ঞ ফণীন্দ্ৰ চন্দ্ৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰবাল শইকীয়া, অসমত পৰিৱেশ সাংবাদিকতাৰ বাটকটীয়া প্ৰণয় বৰদলৈ আৰু বন বিভাগৰ গৱেষণা বিষয়া ড০ দিলীপ চেত্ৰী। অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন-পৰিৱেশ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...