ৰাৱন দাহ কৰিবলৈ গৈ নিজে দাহ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এজন সাংসদ

ৰাৱন দাহ কৰিবলৈ গৈ নিজে দাহ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এজন সাংসদ। ৰাৱন দাহ কৰিবৰ বাবে ফটকাত অগ্নি সংযোগ কৰোতেই জলন্ত ফটকা আহি পৰিল সাংসদৰ গাত। কাপোৰৰ তলেৰে সোমাই গৈ পেটৰ অংশত লাগিল গৈ ফটকা। এই ঘটনা সংঘটিত হ’ল বিহাৰৰ পুৰ্ণিয়াত। পুৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱৰ লগত ঘটিল এই ঘটনা। এই ঘটনাত কথমপি ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল সাংসদজন। ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে এই ঘটনা। পুৰ্ণিয়া চহৰৰ মৰংগাস্থিত দুৰ্গা মন্দিৰত ৰাৱন দাহৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ৰাৱন দাহ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সাংসদজনক। কিন্তু ৰাৱন দাহৰ সময়তে ফটকাৰ জুইত জ্বলি উঠে পাপ্পু যাদৱৰ ছাৰ্ট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...