হাৰ্দিক পাণ্ডিয়াৰ নতুন বিপদ! ক্ৰিকেটাৰগৰাকীৰ পৰা ৫ কোটিটকীয়া দুটা ঘড়ী জব্দ

ডুবাইৰ পৰা উভতি অহাৰ সময়তে ৫ কোটি টকাৰ দুটা ঘড়ীসহ শুল্ক বিভাগৰ হাতত ধৰা পৰিল হাৰ্দিক পাণ্ডিয়া। ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ পাণ্ডিয়াৰ হাতত এই মূল্যবান ঘড়ী দুটা সম্পৰ্কত নাছিল কোনো ধৰণৰ বৈধ নথি।

দেওবাৰে নিশা দলৰ সৈতে উভতি অহাৰ সময়তে শুল্ক বিভাগে পাণ্ডিয়াৰ পৰা জব্দ কৰে এই ৫কোটি টকীয়া ঘড়ী দুটা। হাৰ্দিক পাণ্ডিয়াৰ আছে মূল্যবান ঘড়ীৰ এক বৃহৎ সংগ্ৰহ। তেওঁৰ সংগ্ৰহত আছে পাটেক ফিলিপ নৌটিলাছৰ ৫ কোটি টকাতকৈ অধিক দামী ঘড়ী।

সদ্য সমাপ্ত ICC T20 বিশ্বকাপত ব্যৰ্থ নায়ক ৰূপে পৰিগণিত হোৱা হাৰ্দিক পাণ্ডিয়াৰ বাবে ইয়াক লৈ সৃষ্টি হৈছে এক নতুন বিপদ। পুনৰ এনে নতুন ঘড়ী সংগ্ৰহ কৰিবলৈ গৈয়ে শুল্ক বিভাগৰ হাতত ধৰা পৰিল তাৰকা ক্ৰিকেটাৰগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...