অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে নেকি? জানি লওক এই খবৰ

দিব্যজ্যোতি বৰা, যোৰহাট

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২১-২২ শিক্ষাবৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থী সকলৰ অৰিয়েনটেশ্যন অনুষ্ঠিত হয় আজি। বিশ্ববিদ্যালয়ৰ ড° মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত অৰিয়েনটেশ্যন প্ৰগেমত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই নতুন ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰাণিত হোৱাকৈ প্ৰদান কৰে বক্তব্য। এই কাৰ্যসূচী ইউটিউবযোগে সংযুক্ত হয় বিশ্ববিদ্যালয়ৰ আটাইকেইখন কলেজৰ সৈতেও। অনুষ্ঠানত উপাচাৰ্য গৰাকীয়ে কয় যে ভৱিষ্যত জীৱনৰ বাবে ব্যুৎপত্তি অৰ্জন কৰিবলৈ নতুন ধৰণৰ চিন্তাচৰ্চা আৰু নিজৰ উৰ্বৰ চিন্তাধাৰাক সঠিক ৰূপত আগবঢ়াই নি শিক্ষাৰ্থীসকলে নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰিব লাগিব। প্ৰতিক্ষণতে নতুন নতুন ধাৰণাসমূহৰ সৈতে নিজকে আগুৱাই নিয়াৰ বাবে নিজস্ব আদৰ্শগত ধাৰণাকো গঢ় দিব লাগিব।

তেখেতে লগতে কয় যে সংগ্ৰাম বিহীন জীৱন উপভোগ্য নহয়। সংগ্ৰাম অবিহনে জীৱনেই অসম্পূৰ্ণ। সেয়ে সংগ্ৰামৰ সৈতে মোকাবিলা কৰি জীৱন উপভোগ্য কৰি আগুৱাব লাগে। কাৰণ প্ৰত্যেক সমস্যাৰে সমাধান আছে। সমান্তৰালভাৱে আচৰণগতভাবেও সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগে। ব্যৱহাৰিক দিশেৰে নিজকে প্ৰস্তুত কৰি নিজকে সুখী অনুভৱ কৰি সামগ্ৰিকভাৱে অৰ্থপূৰ্ণ জীৱনৰ অধিকাৰী হ’বলৈ যত্ন কৰিব লাগিব। অৰ্থপূৰ্ণ জীৱন মানে কিন্তু ধনী হোৱা বা উচ্চ শিক্ষিত হোৱা বা পাৰফেক্ট হোৱাটো নুবুজায়। নিজৰ দৃঢ়তা, সততা, নম্ৰতা আদি গুণেৰে সৈতে আনৰ বাবেও উৎসৰ্গিত মনোভাৱেৰে আনৰ বাবেও কিবা এটা কৰাৰ মানসিকতাৰে সুখী হ’ব লাগিব। যন্ত্ৰৱত সময়ত নিজকে এইসমূহ দিশেৰে সুখী কৰিবলৈ চেষ্টা কৰিব লাগিব। ধনীজনৰ লগত নিজকে তুলনা কৰা বা দুখীয়াৰ প্ৰতিত বেলেগ মানসিকতা নেদেখুৱাই নিজকে পৰিৱৰ্তন কৰিব লাগিব। আশাৰ কিৰণ আমি নিজেই জগাই তুলিব লাগিব বুলি উল্লেখ কৰি কয় যে সহ পাঠ্যক্ৰমিক বিষয়সমূহকো আমি গুৰুত্ব দি ভৱিষ্যতৰ বাবে নিজকে সাজু কৰিব লাগিব। প্ৰান্তীয় এলেকা বা পৰিয়ালৰ পৰিচয়ৰ দৰে বিষয়বোৰ একাষৰীয়া কৰি নিজকে গঢ়ি তুলিবলৈ যত্নবান হব লাগিব। আনতকৈ কেনেকৈ পৃথককৈ গঢ় দিব পাৰি তাৰ বাবে যত্ন কৰাৰ সমান্তৰালভাবে আমি শিপা পাহৰিব নালাগিব। পিতৃ-মাতৃক কোনো পৰিস্থিতিতে নাপাহৰাকৈ উজ্জল জীৱনৰ বাবে নিজকে সাজু কৰিব লাগিব। নতুন দিনৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজকে সমৃদ্ধ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ শক্তি আৰু সামৰ্থ বৃদ্ধিৰ বাবেও যত্ন কৰিব লাগিব।

এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সামূহিক বিজ্ঞানগুৰু ড° প্ৰণতি দাস, পঞ্জীয়ক তপন গোহাঁইৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, সহযোগী বিজ্ঞানগুৰু, বিভাগীয় মুৰব্বী আৰু বিভাগীয় অধ্যাপক সকলো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...