ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰি বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে পাকিস্তান

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানে ২৪ এপ্ৰিলৰ পৰা ভাৰতৰ সকলো বিমানৰ বাবে নিজৰ আকাশসীমা বন্ধ কৰি দিয়ে। এই সিদ্ধান্তৰ দুমাহৰ ভিতৰত পাকিস্তানে ১২৭ কোটি টকাৰ ৰাজহ হেৰুৱাইছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ক উদ্ধৃত কৰি দেশখনৰ ‘ডন’ বাতৰি কাকতত এই কথা প্ৰকাশ পাইছে।

এখন দেশৰ বিমানে আন এখন দেশৰ আকাশপথ ব্যৱহাৰ কৰিলে ‘ওভাৰফ্লাইং ৰেভিনিউ’ হিচাপে নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগে। পাকিস্তানৰ দৰে অৰ্থনৈতিক সংকটত থকা দেশৰ বাবে এই ৰাজহে চৰকাৰী কোষাগাৰৰ অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সম্প্ৰতি দেশখনৰ জাতীয় সভাৰ নিম্নকক্ষত জনাইছে যে, ২৪ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে পাকিস্তানে ১২৭ কোটি টকাৰ ৰাজহ হেৰুৱাইছে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা অৱশ্যে জনোৱা হৈছে যে, এই বিষয়টোক আৰ্থিক লোকচান হিচাপে নহয়, কম ৰাজহ সংগ্ৰহ হিচাপে চাব লাগে। মন্ত্ৰণালয়ৰ বিবৃতিত এইটোও কোৱা হৈছে যে, আৰ্থিক লাভ-লোকচানৰ তুলনাত দেশৰ সাৰ্বভৌমত্ব আৰু জাতীয় প্ৰতিৰক্ষাৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া উচিত।

২০১৯ চনত বালাকোট বিমান আক্ৰমণৰ পিছতো পাকিস্তানে ভাৰতৰ বিমানৰ বাবে নিজৰ আকাশসীমা বন্ধ কৰি দিছিল। সেইবাৰ তেওঁলোকে ২৩৫ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। পিছত অৱশ্যে তেওঁলোকে আকাশসীমা পুনৰ মুকলি কৰি দিছিল। কিন্তু এইবাৰ তেওঁলোকে সিদ্ধান্ত সলনি কৰা নাই। ফলত ভাৰতৰ বিমানবোৰ পশ্চিম এছিয়া বা ইউৰোপৰ বহু দেশলৈ বিকল্প পথেৰে যাবলগীয়া হৈছে, যাৰ ফলত ইন্ধনৰ খৰচ আৰু সময় দুয়োটা বৃদ্ধি পাইছে। ভাৰতেও পাকিস্তানৰ বিমানৰ বাবে নিজৰ আকাশসীমা বন্ধৰ ম্যাদ ২৩ আগষ্ট তাৰিখলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ সংবাদমাধ্যমৰ সূত্ৰ অনুসৰি, চলিত মাহৰ শেষ সপ্তাহলৈকে পাকিস্তানে ভাৰতৰ বাবে আকাশসীমা বন্ধ ৰাখিব। তাৰ পিছত দুয়োখন দেশে ইখনে সিখনৰ বাবে আকাশসীমা মুকলি কৰে নে নকৰে, সেয়া এতিয়া লক্ষ্য কৰিবলগীয়া বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...