ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে গোপনে মোদীক ক’ব বিচাৰিছে ট্ৰাম্পক কেনেকৈ চম্ভালিব লাগে!

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দাবী কৰিছে যে, ড’নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ বন্ধুত্ব ‘দুৰ্দান্ত’ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কও ‘মজবুত’। শুল্কৰ বিষয়ে ভাৰত-আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজত তেওঁ এই মন্তব্য কৰে। লগতে তেওঁ জনাইছে যে, ট্ৰাম্পক কেনেকৈ চম্ভালিব কৰিব লাগে, তাৰ বিষয়ে গোপনে নৰেন্দ্ৰ মোদীক কিছু পৰামৰ্শ দিব বিচাৰে।

বৃহস্পতিবাৰে ভাৰতীয় সাংবাদিকৰ এটা দলৰ সৈতে ৪৫ মিনিটৰ আলোচনাত নেতানিয়াহুৱে বিভিন্ন বিষয়ৰ কথা উত্থাপন কৰে। গাজা আৰু ‘অপাৰেশ্যন সিন্দূৰ’ৰ প্ৰসংগও উত্থাপিত হয়। তেওঁ জনাইছে যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ পূৰ্বে ইজৰাইলে ভাৰতক সামৰিক সা-সৰঞ্জাম যোগান ধৰিছিল আৰু সেই সকলোবোৰে ‘ভালদৰে’ কাম কৰিছে।

গাজা ভূখণ্ডৰ পৰিকল্পনাৰ বিষয়ে নেতানিয়াহুৱে কয়, “আমাৰ গাজা দখলৰ কোনো পৰিকল্পনা নাই। আমাৰ লক্ষ্য কেৱল হামাছৰ অৱসান ঘটোৱা আৰু আমাৰ দেশৰ পণবন্দী নাগৰিকসকলক ঘূৰাই অনা। এইটো স্পষ্ট যে, আমি গাজাক হামাছ বা ফিলিষ্টিনী কৰ্তৃপক্ষৰ হাতত এৰি নিদিওঁ।” তেওঁ এইটোও জনাইছে যে, তেওঁলোকে যুদ্ধখন যিমান সোনকালে সম্ভৱ শেষ কৰিব বিচাৰে।

নতুন দিল্লীৰ সৈতে সম্পৰ্কৰ প্ৰশ্নত নেতানিয়াহুৱে কয়, “ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক অতি শক্তিশালী। এই কথা মই হৃদয়ৰ পৰা কৈছোঁ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে তথাকথিত নিৰপেক্ষতাৰ অৱস্থানৰ পৰা আঁতৰি আহিছে। এতিয়া ইজৰাইল আৰু ভাৰত ঘনিষ্ঠ বন্ধু।” সীমান্তৰ সন্ত্ৰাসবাদ ৰোধৰ বাবে ইজৰাইলে ভাৰতক আকাশী পথেৰে নজৰদাৰিৰ নতুন সা-সৰঞ্জাম প্ৰদান কৰিব বিচাৰে বুলিও তেওঁ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...