জয় শ্বাহলৈ ভয় পাকিস্তানৰ; এই ভুল কৰিলে বৰ্বাদ হৈ যাব PCB

এছিয়া কাপ ২০২৫ত পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ উপৰিও এতিয়া তেওঁলোক এটা সিদ্ধান্তৰ বাবে সমস্যাত পৰিছে। ভাৰতৰ বিৰুদ্ধে কৰমৰ্দন বিতৰ্কৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (PCB) মেচ ৰেফাৰী এণ্ডী পাইক্ৰফ্টৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। PCBৰ অভিযোগ আছিল যে, পাইক্ৰফ্টে দুয়োটা দলক কৰমৰ্দন কৰাৰ পৰা বিৰত ৰাখিছিল। কিন্তু আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে (ICC) মেচ ৰেফাৰীক ক্লিন চিট প্ৰদান কৰিছে। পাকিস্তানৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছিল যে, যদি মেচ ৰেফাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা হয়, তেন্তে পাকিস্তানে এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিব পাৰে। কিন্তু শেহতীয়া প্ৰতিবেদন অনুসৰি, PCBয়ে এই পদক্ষেপ কেতিয়াও গ্ৰহণ নকৰে, আৰু ইয়াৰ কাৰণ হৈছে জয় শ্বাহ।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁলোকৰ দলক এছিয়া কাপৰ পৰা প্ৰত্যাহাৰ নকৰে। PCBৰ এটা সূত্ৰই জনাইছে যে যদি পাকিস্তানে এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ কৰে, তেন্তে জয় শ্বাহৰ নেতৃত্বত থকা ICCয়ে তেওঁলোকৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিব পাৰে। এই আৰ্থিক জৰিমনা ইমান বেছি হ’ব পাৰে যে PCBৰ পক্ষে তাক বহন কৰা সম্ভৱ নহ’ব। PCBৰ সূত্ৰৰ মতে, চেম্পিয়নছ ট্ৰফীৰ পিছত পাকিস্তানৰ সকলো ষ্টেডিয়াম সংস্কাৰৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ হৈছে, যাৰ ফলত PCBৰ আৰ্থিক অৱস্থা ভাল নহয়।

পাকিস্তানৰ পৰৱৰ্তী মেচ কেতিয়া?

পাকিস্তানে এছিয়া কাপত তেওঁলোকৰ পৰৱৰ্তী মেচ ১৭ ছেপ্টেম্বৰত UAEৰ বিৰুদ্ধে খেলিব। এই মেচ জয় কৰাটো পাকিস্তানৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ যদি UAEয়ে এই মেচ জয় কৰে, তেন্তে পাকিস্তানে ছুপাৰ-৪ ৰাউণ্ডত প্ৰৱেশৰ সুযোগ হেৰুৱাব পাৰে। যদি পাকিস্তানে UAEক পৰাস্ত কৰে, তেন্তে আগন্তুক দেওবাৰে, অৰ্থাৎ ২১ নৱেম্বৰত পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিযোগিতা হ’ব। উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তান দুয়োটা দলে মঙলবাৰে ICC একাডেমীত প্ৰেকটিছ কৰিবলৈ যাব। যদিও তেওঁলোকৰ প্ৰেকটিছৰ সময় পৃথক, তথাপি এঘণ্টাৰ বাবে দুয়োটা দলক একেলগে দেখা যাব। ভাৰতৰ প্ৰেকটিছ সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ, আৰু পাকিস্তানৰ প্ৰেকটিছ ৰাতি ৮ বজাৰ পৰা ১১ বজালৈ নিৰ্ধাৰিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...