বহিৰাগতৰ আগ্ৰাসন ৰুধিবলৈ ঐক্যবদ্ধ খিলজ্ঞীয়া

শিৱসাগৰত ক্ৰমাৎ‍ তুংগত উঠিছে বহিৰাগত আৰু খিলঞ্জীয়াৰ সংঘাত। এই সংঘাতৰ আৰম্ভণি হৈছিল ১৩ আগষ্টত। শিৱসাগৰৰ বাবুপট্টীত দুই বহিৰাগত ব্যৱসায়ীৰ হাতত লাঞ্চিতা হৈছিল এগৰকাৰী ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত নাবালিকা পাঞ্জা খেলুৱৈ। ৰাজপথত দুই বহিৰাগতই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল নাবালিকা খেলুৱৈগৰাকীক। ঘটনাক লৈ উত্তাল হৈ পৰিল শিৱসাগৰ। ১৪ আগষ্টত শিৱসাগৰৰ বহুকেইটা জাতীয় তথা জনগোষ্ঠীয় দল-সংগঠনে বহিৰাগত বণিয়াৰ অতপালিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতহে দুই অভিযুক্ত বহিৰাগত বণিয়া অৰুন লাহতী আৰু মনিষ পোদ্দাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। উত্তপ্ত হৈ থকা শিৱসাগৰত যাতে আন কোনো আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ নহয় সেই উদ্দেশ্যৰেই শিৱসাগৰৰ অনা অসমীয়া ব্যৱসায়ী, দল-সংগঠন আৰু শিৱসাগৰৰ নাগৰিক সমাজৰ এক সভা অনুষ্ঠিত হয়। এই সভাতে ৩০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চই গ্ৰহণ কৰে বহিৰাগত দল-সংগঠনক নিষিদ্ধকৰণ, বহিৰাগতক মাটি বিক্ৰীত নিষিদ্ধকৰণকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ইফালে এই আলোচনা সভালৈ মতাৰ পিছতো নগ’ল অধিকাংশ ব্যৱসায়ী। সেইবাবে সভাত অনুপস্থিত ব্যৱসায়ীসকলক ২৪ ঘণ্টাৰ ভিতৰত ৰাজহুৱা ক্ষমা খোজাৰ নিৰ্দেশ দিয়ে সভাই। অন্যথা অনিৰ্দিষ্টকাললৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰো প্ৰস্তাৱ লয় সভাই।

থলুৱা আৰু বহিৰাগতৰ সংঘাত ৰোধৰ উদ্দেশ্যৰে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা এইসমূহ সিদ্ধান্তই এতিয়া শিৱসাগৰত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। এই সংঘাতে পৰৱৰ্তীসময়ত কি ৰূপ লয় সেয়াহে হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...