অনলাইনত খাদ্য অৰ্ডাৰ হ’ব পাৰে ব্যয়বহুল!

উৎসৱৰ বতৰত Swiggy, Zomatoৰ প্লেটফৰ্ম মাচুল বৃদ্ধিৰ ফলত অনলাইনত খাদ্য অৰ্ডাৰ কৰাটো ব্যয়বহুল হ’ব পাৰে। ২২ ছেপ্টেম্বৰৰ পৰা ডেলিভাৰী মাচুলৰ ওপৰত ১৮ শতাংশ GST প্ৰযোজ্য হোৱাৰ ফলত এই ব্যয় আৰু বাঢ়িব পাৰে।

Swiggyয়ে কিছু কিছু বজাৰত নিজৰ প্লেটফৰ্ম মাচুল GSTৰ সৈতে ১৫ টকা কৰিছে। Zomatoৱে নিজৰ মাচুল বঢ়াই GST বাদ দি ১২.৫০ টকা কৰিছে। আনহাতে, মেজিকপিনে প্ৰতি অৰ্ডাৰত ১০ টকা মাচুল নিৰ্ধাৰণ কৰিছে। অনুমান অনুসৰি, ২২ ছেপ্টেম্বৰৰ পৰা Zomatoৰ গ্ৰাহকৰ ওপৰত প্ৰায় ২ টকা আৰু Swiggyৰ গ্ৰাহকৰ ওপৰত ২.৬ টকা অতিৰিক্ত বোজা পৰিব পাৰে।

এই বিষয়ে Swiggy আৰু Zomatoৱে কোনো উত্তৰ দিয়া নাই। মেজিকপিনৰ মুখপাত্ৰই জনাইছে যে, তেওঁলোকে ইতিমধ্যে নিজৰ খাদ্য ডেলিভাৰীৰ খৰচৰ ওপৰত ১৮ শতাংশ GST পৰিশোধ কৰি আহিছে। শেহতীয়া পৰিৱৰ্তনৰ ফলত তেওঁলোকৰ ওপৰত কোনো প্ৰভাৱ নপৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...