অসমৰ মাত্র তিনি লাখ লোকেহে বাতৰিকাকত-আলোচনী পঢ়ে : মনোজ কুমাৰ গোস্বামী

অসমীয়া ভাষাৰ সংকট ঘৰৰ ভিতৰৰ পৰাই আহিছে

অসমৰ তিনি কোটি লোকৰ ভিতৰত নিৰানব্বৈ শতাংশই কিতাপ, বাতৰিকাকত-আলোচনী নপঢ়ে। ইয়াৰ বিপৰীতে মাত্র এক শতাংশই অর্থাৎ মাত্র তিনি লাখ লোকেহে বাতৰিকাকত-আলোচনী পঢ়ে। অসমত সকলো মিলাই বাতৰিকাকত-আলোচনী নিতৌ মাত্র দুই লাখমানহে ছপা হয়। ইংৰাজী ভাষাৰ অক্সফ’ৰ্ড অভিধানত নিতৌ যিদৰে শব্দ সংযোজন হৈ যিদৰে ভাষাটোৰ সমৃদ্ধি ঘটে সেইদৰে অসমীয়া ভাষাৰ অভিধানত এটাও শব্দ সংযোজন হোৱা দেখা নাযায়। এইক্ষেত্ৰত নিশ্চয় আমাৰ দায়িত্ব আছে। আমি কিমানে ভাষাটো শুদ্ধকৈ ক’বলৈ আনক অনুপ্রাণিত কৰিছোঁ সেয়া চিন্তাৰ বিষয়। ঘৰৰ পৰাই আচলতে কেৰোণ আৰম্ভ হৈছে।

ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত চলি থকা দ্বাদশ ডিব্ৰুগড় গ্রন্থমেলাৰ ষষ্ঠ দিনটোত মূল মঞ্চত অনুষ্ঠিত ‘সংবাদ – সাহিত্য আৰু অসমীয়া ভাষা’ শীর্ষক বিষয়ক মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় বিশিষ্ট গল্পকাৰ তথা NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত চিত্তাকর্ষক বক্তৃতা প্ৰদান কৰি সাংবাদিক গোস্বামীয়ে কয় যে, অসমীয়া ভাষা পৃথিৱীৰ এশটা চহকী ভাষাৰ ভিতৰত অন্যতম ভাষা ৷ আমি সংকটৰ কথা কৈ থাকোঁ যদিও সমাধানৰ কথা আলোচনা নকৰোঁ ৷ অসমীয়া ভাষাটো শুদ্ধকৈ চৰ্চা কৰাৰ ক্ষেত্ৰত, ৰক্ষাৰ স্বাৰ্থত কেৱল সংবাদ-পত্ৰ আৰু বৈদ্যুতিন মাধ্যমকে দায়িত্ব দিয়াটো যিদৰে সমীচীন নহয় সেইদৰে দোষ দিয়াটোও সমীচিন নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, বৈদ্যুতিন মাধ্যমত যিসকল লোকে কাম কৰে সেইসকল লোক অসমৰেই কোনো এখন কলেজ বা বিশ্ববিদ্যালয়ৰ পৰাই শিক্ষাগ্রহণ কৰি অহা। অথচ ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত যিমান তেওঁলোকৰ দায়িত্ব সেয়া গ্ৰহণ কৰিছেনে নাই গুৰুত্বসহকাৰে আলোচনা কৰাৰ অৱকাশ আছে। অৱশ্যে আমাৰ দুই-এটা ভুল নোহোৱা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, অসমীয়া ভাষাটোৰ ওপৰত সম্প্ৰতি ‘মব লিঞ্চিং’চলিছে। স্বয়ং অসম চৰকাৰেই APSCত অসমীয়া ভাষা গুচাই দিয়াৰ দৰে ঘটনাক ‘মব-লিঞ্চিঙ’ৰ উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় যে, অসম আন্দোলনৰ পাছৰ পৰাই একপ্ৰকাৰে অসমীয়া ভাষাৰ অৱনমন আৰম্ভ হ’ল। জুবিন গাৰ্গে পোন্ধৰ হাজাৰ গান নোগোৱা হ’লে অথবা অসমত একাধিক বৈদ্যুতিন প্ৰতিষ্ঠানৰ জন্ম নোহোৱা হ’লে অসমীয়া ভাষাৰ অৱস্থা অধিক অৱনমিত হোৱাৰ অৱকাশ আছিল।

তদুপৰি, অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সংবাদ-পত্ৰৰ ভূমিকা অপৰিসীম বুলিও ভাষণত উল্লেখ কৰি আৰু কয় যে, ভাষাৰ সংকট যে অহা নাই সেয়াও নহয়। বিশ্বত প্রতি চৈধ্য দিনত এটাকৈ ভাষাৰ মৃত্যু হয়। ভাষা আৰু মানৱ সভ্যতাৰ ইতিহাস যিহেতু এক ৰোমান্সকৰ ইতিহাস সেয়ে ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰচুৰ চৰ্চা আৰু গৱেষণা অব্যাহত ৰাখিবই লাগিব। তদুপৰি, আমাৰ ভাষাটোৰ মান কম্পিউটাৰ, ম’বাইল আদিত কাৰিকৰীভাৱে ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগিব । এইক্ষেত্ৰত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু সকলোৱে ভাষাৰ উন্নতিৰ হকে উমৈহতীয়া প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...