জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা

অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বুধবাৰে পুৱা ফেচবুকত শ্বেয়াৰ কৰা এক “আজিৰ চিন্তা” শীৰ্ষক বাৰ্তাই ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বহুতে মন্ত্ৰীগৰাকীৰ এই সুসংগঠিত আৰু তাৎপৰ্যপূৰ্ণ মন্তব্যৰ অন্তৰ্নিহিত বাৰ্তা উদ্ধাৰৰ চেষ্টা চলাইছে।

ফেচবুক পোষ্টটোত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “ক্ষন্তেকীয়া প্ৰচাৰ আৰু নিজৰ স্বাৰ্থৰ বাবে জন্মভূমি তথা ৰাষ্ট্ৰৰ ক্ষতি কৰাজন জাতিৰ প্ৰধান শত্ৰু।” লগতে তেওঁ কয় যে, “নিজ স্বাৰ্থতকৈ ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰাধান্য দিয়াজনহে প্ৰকৃত দেশপ্ৰেমিক।”

যদিও বাৰ্তাটোত কোনো ব্যক্তি, সংগঠন বা নিৰ্দিষ্ট ঘটনাৰ প্ৰত্যক্ষ উল্লেখ কৰা হোৱা নাই, তথাপিও ইয়াৰ তীক্ষ্ণ ভাষা আৰু সময়ে ৰাজনৈতিক মহলত ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে।

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, এই মন্তব্যৰ লক্ষ্য সম্ভৱতঃ সেইসকল লোক, যিসকলে যোৱা ১৮ জুনত গুৱাহাটীৰ ৰাজপথত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে, পৰৱৰ্তী সময়ত জনমানসত এই সমগ্ৰ ঘটনাটোক প্ৰস্তাৱিত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ বিষয়টোৰ সৈতে সাঙুৰি তীব্ৰ চৰ্চা চলিছিল।

যদিও এই সন্দৰ্ভত কোনো প্ৰত্যক্ষ সংযোগ প্ৰতিষ্ঠা হোৱা নাই আৰু মন্ত্ৰী বৰুৱায়ো কোনো স্পষ্টীকৰণ দিয়া নাই, তথাপিও বহুতে ইয়াক এক গুৰুত্বপূৰ্ণ সঁকিয়নি হিচাপে লৈছে। সচেতন মহলৰ মতে, কোনো ব্যক্তিগত উচ্চাকাংক্ষা, ক্ষন্তেকীয়া প্ৰচাৰ বা সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰ বাবে যাতে অসমৰ উন্নয়ন, সুনাম আৰু দীৰ্ঘম্যাদী স্বাৰ্থক বলি দিয়া নহয় – পোষ্টটোৱে যেন তাৰে ইংগিত বহন কৰিছে।

ফলত, এই পোষ্টটোৱে কাক উদ্দেশ্য কৰি কৰা হৈছিল সেই প্ৰশ্নক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক আলোচনা অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...