নলবাৰী জিলাৰ মুকালমুৱাৰ দৰংগীপাৰা ৰিজাৰ্ভত যুৱকৰ আক্ৰমণত মহিলাসহ তিনিজন লোক আহত হয়। কুঠাৰ আৰু বাঁহেৰে আক্ৰমণ কৰাৰ ফলত আহত তিনিওজনক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয়।
আহতসকলক ৰণ্টু কলিতা, কল্পনা কলিতা আৰু ৰাজু কলিতা বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দ্বীপজ্যোতি কলিতাক আৰক্ষীয়ে আটক কৰিছে।
জানিব পৰা মতে, পথৰ কাষত দুটা শিশু খেলি থকাৰ সময়তে অভিযুক্ত দ্বীপজ্যোতি কলিতাই শিশু দুটিক মাৰপিট কৰিবলৈ উদ্যত হয়। এই কাৰ্যত বাধা প্ৰদান কৰে তেওঁৰ ককায়েক ৰণ্টু কলিতাই। শিশুকেইটিক মাৰপিট কৰাৰ পৰা বাধা দিয়াক কেন্দ্ৰ কৰি দুয়োৰে মাজত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয়।পৰিস্থিতি উত্তপ্ত হৈ পৰাত দ্বীপজ্যোতিয়ে কুঠাৰেৰে ককায়েক ৰণ্টু কলিতাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণত ৰণ্টু কলিতা গুৰুতৰভাৱে আহত হয়।
ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত থকা ৰণ্টু কলিতাৰ বৌৱেক কল্পনা কলিতাকো অভিযুক্তই আক্ৰমণ কৰে। আনহাতে, কাজিয়াত বাধা দিবলৈ চেষ্টা কৰা চুবুৰীয়া ৰাজু কলিতাকো বাঁহেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অভিযুক্ত দ্বীপজ্যোতি কলিতাক আটক কৰে। ঘটনাটোৰ আঁৰৰ কাৰণ আৰু আক্ৰমণৰ সম্পূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
