মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী

মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী। গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত মেৰাপানীত আৰক্ষীয়ে চলাইছে অভিযান। এই অভিযানতে পিষ্টলসহ এজন নগা যুৱকক আটক আৰক্ষীৰ। মেৰাপানীৰ ইন্দ্ৰপুৰত আৰক্ষীয়ে চলাইছিল অভিযান। AS01 EB 4149 নম্বৰৰ এখন অ’ল্ট বাহনৰ পৰা উদ্ধাৰ পিষ্টল। মেৰাপানীৰ দিশৰ পৰা নগালেণ্ডলৈ গৈ আছিল বাহনখন। সন্দেহবশত তালাচী কৰাত তেওঁৰ হাতৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ। উদ্ধাৰ ইটালীত নিৰ্মিত এটা পইন্ট ২২ পিষ্টলৰ লগতে ৯ টাকৈ সজীৱ গুলী। আটকাধীন নগা যুৱকজনৰ নাম টুমচেবেম’ জামি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে নগা যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...