সামাজিক মাধ্যমত ‘I LOVE ULFA’ লিখি আৰক্ষীৰ জালত মৰাণৰ এগৰাকী যুৱতী

সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)লৈ মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত মৰাণৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বক্সিং খেলুৱৈ। যুৱতীগৰাকী মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰনিতা। শনিবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অহা আৰক্ষীয়ে মৰাণহাট আৰক্ষীৰ সহযোগত আতক কৰে যুৱতীগৰাকীক। উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পুৰ্বে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়াই “আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা” বুলি লিখিছিল। তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত গোচৰ ৰুজু কৰি আটক কৰে মাইনা চুতীয়াক। সম্প্ৰতি মাইনা চুতীয়াক সোধ পোচ আৰম্ভ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...