অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছত অসমৰ নিব্ৰাছ হুছেইন চেম্পিয়ন

শীৰ্ষ বাচনিৰ অসমৰ নিব্ৰাছ হুছেইনে অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অসম টেনিছ সন্থাৰ উদ্যোগত তথা ভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে৷ পুৱা হোৱা ফাইনেল খেলত নিব্ৰাছে ৬-০, ৭-৫ ৰ ব্যৱধানত জেগান ৰোহিতক পৰাস্ত কৰি অসমক একমাত্ৰ খিতাপতো দিবলৈ সক্ষম হয়৷

উল্লেখ্য যে নিব্ৰাছৰ লগতে অসমৰ চান্দোগ্য পাঠক আৰু নেইম হুছেইনেও নিজৰ নিজৰ সংগীৰ স’তে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও আজি খিতাপৰ যুঁজত পৰাজয়বৰণ কৰে৷ চান্দোগ্য আৰু বিহান মিন্ধাৰ যুটিক ৩-৬, ৩-৬ ৰ ব্যৱধানত পৰাস্ত কৰি ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ ডাবলছ শাখাৰ চেম্পিয়ন হয় আৰভ চহালানী আৰু ৰাঘৱ সৰোদা৷ ইফালে, পদ্মাপ্ৰিয়া ৰমেশকুমাৰ আৰু খুশি খাদিয়াই ৬-৪, ৬-২ ৰ ব্যৱধানত নেইম আৰু তেওঁৰ সংগী ছেৰেনা গেহলটক পৰাস্ত কৰি ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ ডাবলছ শাখাৰ খিতাপ জয় কৰে৷

ছেৰেনাই ডাবলছ শাখাৰ ফাইনেলত পৰাস্ত হ’লেও হাৰিয়ানাৰ প্ৰতিভাবান কিশোৰীগৰাকীয়ে ছোৱালীৰ একক শাখাৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ উভয়ৰে ফাইনেলত জয়লাভ কৰি দ্বিমুকুট লাভ কৰিবলৈ সক্ষম হয়৷ ১২ বছৰ অনূধ্বৰ্ৰ ফাইনেলত ছেৰেনাই ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে শীৰ্ষ বাচনিৰ কৰ্ণাটকৰ পদ্মাপ্ৰিয়াক৷ আনহাতে, ১৪ বছৰ অনূধ্বৰ্ৰ ফাইনেলত অন্ধ্ৰ প্ৰদেশৰ ঈশিতা শ্ৰিয়ালাক ৬-১, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে ছেৰেনাই৷

ইফালে, ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলত বিহান মিৰ্ধাই তিনিটা ছেটৰ অন্তত ৭-৬, ২-৬, ৬-৩ ৰ ব্যৱধানত মহাৰাষ্ট্ৰৰ ৰাঘৱ সৰোদাক পৰাস্ত কৰি খিতাপ লাভ কৰে৷ প্ৰতিযোগিতাৰ অন্তত ট্ৰফী প্ৰদান কৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই অসম টেনিছ সন্থাক ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰি অহাত সহযোগিতা আগবঢ়াই আহিছে৷ এইবাৰ প্ৰতিযোগিতাত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে যোগদান কৰিছিল৷ অংশগ্ৰহণকাৰী অন্য ৰাজ্য কেইখন হ’ল তামিলনাডু, কৰ্ণাটক, তেলেংগনা, অন্ধ্ৰ প্ৰদেশ, ওডিছা, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, নগালেণ্ড, বংগ আৰু ঝাৰখণ্ড৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...