পঞ্জশীৰ এতিয়াও NRFৰ দখলত; তালিবানৰ দাবী অস্বীকাৰ NRFৰ

তালিবান বাহিনীয়ে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতে পুনৰ পঞ্জশীৰ উপত্যকাত তুমুল যুদ্ধ আৰম্ভ হৈছে। সোমবাৰে নিশা পঞ্জশীৰত নেচনেল ৰেজিষ্টেন্স ফ্ৰ’ণ্ট অৰ্থাৎ NRF–এ পুনৰ তালিবানৰ ঘাটিলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে। স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা মতে সোমবাৰে তালিবান বাহিনীয়ে সম্পূৰ্ণৰূপে পঞ্জশীৰ উপত্যকা দখল কৰা বুলি দাবী কৰিছিল যদিও সোমবাৰে নিশা পুনৰ তালিবানৰ ঘাটিত বোমা নিক্ষেপ কৰে NRF–এ। এই সম্পৰ্কত এতিয়া বিস্তৃত তথ্য পোহৰলৈ অহা নাই যদিও এক ভিডিঅ’ বাৰ্তাযোগে আহমেদ মাছুদে দাবী কৰা মতে তালিবানে এতিয়াও পঞ্জশীৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। শেষ বিন্দু তেজ থকালৈকে পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব বুলি দাবী কৰে মাছুদে। পঞ্জশীৰত NRFক পৰাজিত কৰিবলৈ তালিবানে পাকিস্তানী বায়ু সেনাৰ সহায় লোৱা বুলি অভিযোগ কৰে মাছুদে। ইপিনে, পঞ্জশীৰ দখল কৰা বুলি তালিবানে দাবী কৰাৰ লগতে আহমেদ মাছুদ আৰু আমৰুল্লা চালেহে পঞ্জশীৰ এৰি তাজিকিস্তানলৈ পলাই যোৱা বুলি তালিবান বাহিনীয়ে দাবী কৰিছিল যদিও ইয়াক খণ্ডন কৰি আমৰুল্লা চালেহে কয় যে তেওঁলোক এতিয়াও পঞ্জশীৰতে আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ISL চেম্পিয়ন সঞ্জীৱ গোৱেংকাৰ দল; সততে খঙাল ব্যক্তিৰূপে পৰিচিত গোৱেংকাৰ কেইবাটাও নজনা কথা

সঞ্জীৱ গোৱেংকা, ভাৰতৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি আৰু আৰ পি-সঞ্জীৱ...

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এইবাৰ ভৰলুমুখৰ কালীপুৰত ফুটিল...

২০২৬ৰ IPLৰ এখন মেচ ত্ৰিপুৰাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এক উৎসাহজনক খবৰ। ২০২৬ চনৰ ইণ্ডিয়ান...

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা-বৰষুণৰ আগজাননী

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত...