ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগলছ খিতাপ

গুৱাহাটী, ১৪ জুন, NKTV: কেৰিয়াৰৰ ১৯সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ জয় ন’ভাক জক’ভিছৰ। গ্ৰীচৰ টেনিচ তাৰকা ষ্টেফান’জ চিচিপাছক হৰুৱাই ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগল খিতাপ। ক্লে’ক’ৰ্টৰ সম্ৰাট ৰাফেল নাডালক ছেমিফাইনেলত হৰুৱাই এইবাৰ ফ্ৰেন্স অ’পেনৰ খিতাপ প্ৰায় নিশ্চিত কৰিছিল জক’ভিছে। দেওবাৰে অনুষ্ঠিত ফাইনেলত জক’ভিছ মুখামুখি হয় গ্ৰীচৰ তাৰকা চিচিপাছৰ। খেলখনত ৬-৭, ২-৬, ৬-৩, ৬-২ আৰু ৬-৪ ছেটত চিচিপাছক পৰাজিত কৰি ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন দখল কৰিলে জক’ভিছে। এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ ১৯সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ। তেওঁৰ শিৰত আছে দুটা ফ্ৰেন্স অ’পেনৰ খিতাপৰ উপৰি ৯টা অষ্ট্ৰেলিয়ান অ’পেন, ৫টা উইম্বলডন আৰু ৩টা ইউ এছ অ’পেনৰ খিতাপ। ৰোলা গাৰোঁত শ্ৰেষ্ঠত্ব অৰ্জন কৰি জক’ভিছে ৰয় এমাৰ্ছন আৰু ৰড লেভাৰৰ ৫২ বছৰীয়া অভিলেখ স্পৰ্শ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...