বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যলৈ ২০২৬ বৰ্ষৰ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান; জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ তৰফৰ পৰা আগবঢ়োৱা হয় এই বঁটা

বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গল্পকাৰগৰাকীৰ হাতত এই সন্মান প্ৰদান কৰা হয়।

জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ উদ্যোগত প্ৰদান কৰা এই বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু নগদ ৫০ হাজাৰ টকা।

উল্লেখ্য যে এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিলে জগন্নাথ ঠাকুৰ বঁটা প্ৰদান অনুষ্ঠানটিয়ে। বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বঁটাপ্ৰাপক অতনু ভট্টাচাৰ্যৰ গল্প-সাহিত্য সম্পৰ্কে এক বিশেষ বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট সাহিত্য সমালোচক ড০ বিভাস চৌধুৰীয়ে অতনু ভট্টাচাৰ্যৰ কেইবাটাও গল্পৰ নিৰ্মোহ আৰু বিশ্লেষণাত্মক আলোচনা আগবঢ়ায়। তেওঁৰ গল্পসমূহৰ সাহিত্যিক বৈশিষ্ট্য আৰু বিভিন্ন দিশ বক্তৃতাত আলোকপাত কৰা হয়।

উল্লেখ্য যে প্ৰয়াত জগন্নাথ ঠাকুৰ অসম অসামৰিক সেৱাৰ এগৰাকী দক্ষ বিষয়া আছিল। তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লগতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে এই বঁটা প্ৰদান কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শুই থাকিয়েই ৯.৬ লাখ টকা উপাৰ্জন! মুম্বাইৰ জিনিয়া চেটাৰ্জী হ’ল ভাৰতৰ ‘স্লিপ চেম্পিয়ন’

নিশ্চিন্তে শুই থাকিয়েই উপাৰ্জন কৰিলে ৯.৬ লাখ টকা। শুনিবলৈ...