কৰ’না নহয়, হঠাৎ সাধাৰণ দৰ্শকৰ বাবে বন্ধ হৈ পৰিল ছবিগৃহ

বঙাইগাঁও জ’লি মেক্স চিত্ৰগৃহত কোকৰাঝাৰ আৰক্ষীৰ তহল। পিছে উগ্ৰপন্থী কিম্বা কোনো বিশেষ অভিযানৰ বাবে নহয়। বিগত সময়ছোৱাত শাৰদীয় দুৰ্গোৎসৱ, দীপাৱলী, নিৰ্বাচনকে আদি কৰি বিভিন্ন দায়িত্বত নিয়োজিত আৰক্ষীৰ বিষয়া তথা জোৱানসকলক মানসিক প্ৰশান্তি দিয়াৰ উদ্দেশ্যে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থাবে প্ৰতিক বিজয়কুমাৰৰ এক ব্যতিক্ৰমী প্ৰয়াস। সোমবাৰে কোকৰাঝাৰৰ প্ৰায় তিনিশ আৰক্ষীৰ সৈতে ৰোহিত চেট্টীৰ সদ্যমুক্তিপ্ৰাপ্ত বোলছবি ‘সূৰ্য্যবংশী’ উপভোগ কৰে আৰক্ষী অধীক্ষকজনে। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষককে ধৰি কেবাজনো আৰক্ষীৰ শীৰ্ষ বিষয়াই বঙাইগাঁৱৰ জ’লি মেক্স চিত্ৰগৃহত ‘সূৰ্য্যবংশী’ উপভোগ কৰে। আৰক্ষী অধীক্ষক প্ৰতিক থাবেই কয় যে, এই বোলছবিখন চোৱাৰ পিছত আৰক্ষীসকলে মানসিক প্ৰশান্তি লাভ কৰাই নহয় আৰক্ষীৰ সৱল ভূমিকাক ছবিখনত উপস্থাপন কৰা বিষয়বোৰে জোৱানসকলক কৰ্তব্য পালনৰ ক্ষেত্ৰত অধিক সক্ৰিয় কৰি তুলিব। উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিবেশৰ বাবেই দেশৰ ছবিগৃহসমূহ বন্ধ হৈ পৰাৰ ফলত বিগ বাজেটৰ বোলছবি ‘সূৰ্য্যবংশী’ মুক্তি লাভ কৰা নাছিল। দীপাৱলীৰ দিনটোতে সমগ্ৰ দেশৰ ছবিগৃহত বোলছবিখনে মুক্তি লাভ কৰাৰ পিছত প্ৰতিটো দৰ্শনীতেই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি বঙাইগাঁৱৰ জ’লি মেক্সৰ দুটাকৈ হল হাউছফুল হয় আৰক্ষীৰ বাবেই। যাৰ বাবে কোকৰাঝাৰ আৰক্ষীক কৃতজ্ঞতা জনায় ছবিগৃহ কৰ্তৃপক্ষই। আনহাতে আৰক্ষীৰ লোকসকলেও ছবিখন চাই সন্তোষ প্ৰকাশ কৰে।

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...