১৮ মাৰ্চৰ পৰা নাগালেণ্ডত তৃতীয় নৰ্থ ইষ্ট গেমছ

অহা ১৮-২৩ মাৰ্চলৈ নাগালেণ্ডত অনুষ্ঠিত হ’ব তৃতীয় উত্তৰ পূৱ ক্ৰীড়া৷ নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ আঠ ৰাজ্যৰ প্ৰায় আঢ়ৈ হেজাৰ খেলুৱৈ-বিষয়াই অংশ ল’ব৷ পুৰুষ-মহিলাৰ মুঠ ১৫ বিধ খেল অন্তৰ্ভুক্ত কৰা আসন্ন তৃতীয় উত্তৰ পূৱ ক্ৰীড়ালৈ অসম অলিম্পিক সন্থায়ো প্ৰায় ৩৭০ জনীয়া এটা বৃহৎ দল প্ৰেৰণ কৰিব৷

আজি অসম অলিম্পিক সন্থাৰ সভাকক্ষত হোৱা এখন সংবাদমেলত আসন্ন তৃতীয় উত্তৰ পূৱ ক্ৰীড়াৰ বাবে সন্থাই নিযুক্তি দিয়া চিফ দ্য মিছন অমল নাৰায়ন পাটোৱাৰীয়ে কয় যে এইবাৰ অসমৰ পৰুষ আৰু মহিলাই প্ৰতিযোগিতাৰ ১৫ বিধ খেলতে অংশ ল’ব আৰু সৰ্বাধিক পদক জয় কৰি শীৰ্ষস্থান অৰ্জন কৰিব৷ ‘ইতিমধ্যে প্ৰতিটো ৰাজ্যিক ক্ৰীড়া সন্থাই শিৱিৰ আয়োজনৰে দল বাচনি কৰি প্ৰতিযোগিতালৈ শ্ৰেষ্ঠ দল ঘোষনা কৰিছে লগতে পূৰ্বতকৈ প্ৰদৰ্শনো উন্নত হ’ব বুলি দৃঢ়তাৰে জনাইছে৷ অসম চৰকাৰে খেলুৱৈক প্ৰদান কৰা চৰকাৰী চাকৰি তথা জলপানিয়ে ৰাজ্যৰ যুৱ ক্ৰীড়াবিদকসকলোকো অনুপ্ৰানিত কৰিছে যাৰ ইতিবাচক প্ৰভাৱ আমি প্ৰতিযোগিতাত পাবলৈ সক্ষম হম৷’ পাটোৱাৰীয়ে কয়৷ উল্লেখ্য যে মেঘালয়ত অনুষ্ঠিত হোৱা বিগত উত্তৰ পূৱ ক্ৰীড়াত অসমে ৭৯ টা সোণ, ৬১ টা ৰূপ আৰু ৬৩ টা ব্ৰঞ্জসহ মুঠ ২০৩ টা পদক লাভ কৰি দ্বিতীয় স্থানত আছিল৷

চিফ দ্য মিছন পাটোৱাৰীয়ে জনোৱা অনুসৰি এইবাৰ তৃতীয় উত্তৰ পূৱ ক্ৰীড়াত অন্তৰ্ভুক্ত হোৱা ১৫ বিধ খেল হ’ল ঃ আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বাস্কেটবল, বক্সিং, ফুটবল, টেনিছ, পেনচাক ছিলাট, ছেপাক টাক্ৰ’, টেবুল টেনিছ, টাইকোৱান-ড’, ভলীবল, বেল্ট ৰেষ্টলিং, উশ্বু আৰু মল্লযুঁজ৷ ইয়াৰে এথলেটিকছ প্ৰতিযোগিতা ক’হিমাত হোৱাৰ বিপৰীতে বাকী ১৪ বিধ খেলে ডিমাপুৰত অনুষ্ঠিত হ’ব৷ মল্লযুঁজৰ বাহিৰে অন্য সকলো খেলৰে পুৰুষ-মহিলাৰ অসম দল অহা ১৭ মাৰ্চত অসমৰ পৰা ৰাওনা হ’ব৷ ১৮ মাৰ্চত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান হোৱাৰ বিপৰীতে ১৯ মাৰ্চৰ পৰাই একেলগে ১৫ বিধ খেল আৰম্ভ হ’ব৷ মল্লযুঁজ হ’ব ২২ মাৰ্চৰ পৰা৷

আজি সংবাদমেলত উপস্থিত থকা অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাসে ৰাজ্যৰ ক্ৰীড়া উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লোৱা ঐতিহাসিক পদক্ষেপৰ বাবে ধন্যবাদ জনায় কয় ‘গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী অসমৰ খেলুৱৈক আজিয়ে চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী মহোদয়ে খেলুৱৈক আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে চাকৰি পোৱা খেলুৱৈসকলক খেলতে ব্যস্ত থকাৰ সুযোগো প্ৰদান কৰিছে৷ এয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰে ঐতিহাসিক ঘটনা আৰু অসমৰ ক্ৰীড়া উত্তৰণৰ টাৰ্ণিং পইণ্ট হ’ব৷’ কোষাধ্যক্ষ দাসে বিগত গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলুৱৈক বিমানৰে অহা-যোৱা কৰাৰ লগতে নৰ্থ ইষ্ট গেমছলৈ অসমৰ খেলুৱৈক প্ৰেৰণ কৰা, অনুশীলন শিবিৰ আয়োজন তথা থকা-খোৱাৰ দিশত অসম অলিম্পিক সন্থাক ৰাজ্য চৰকাৰে কৰা আৰ্থিক সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...