ৰাইচ মোদী নুনিছা সোঁৱৰণী উত্তৰ-পূব মিডিয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ কাউণ্ট ডাউন…

মঙলবাৰৰ পৰা মহানগৰীৰ জজ খেলপথাৰত আৰম্ভ হ’ব ৰাইচ মোদী নুনিছা সোঁৱৰণী উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী ২০২২ । এভাৰগ্ৰীন গ্ৰুপৰ দ্বাৰা আয়োজিত ১০দিনীয়াকৈ চলিবলগা এই টুৰ্ণামেণ্টখন অন্ত পৰিব ৪ ফেব্ৰুৱাৰীত।


প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ১২টা দলক ভাগ কৰা হৈছে ৪ টা গ্ৰুপত। গ্ৰুপ ‘এ’ ত আছে ডি ডি কে, এন ডি ২৪, শ্বিলং প্ৰেছ ক্লাব; গ্ৰুপ ‘ বি’ ত আছে এন কে টিভি , নিউজ টাইম অসম , কাৰ্বি আংলং প্ৰেছ ক্লাব; গ্ৰুপ চিত আছে প্ৰতিদিন টাইম, অসমীয়া প্ৰতিদিন, শিলচৰ প্ৰেছ ক্লাব আৰু গ্ৰুপ ডিত আছে ডি এ নিউজ প্লাছ, প্ৰাগ নিউজ আৰু মাই নিউজ এন ই।

মঙলবাৰৰ পুৱা ৯ বজাৰ পৰা প্ৰথম মেচত প্ৰাগ নিউজৰ বিৰুদ্ধে খেলিব মাই নিউজ এন ইয়ে। দিনৰ ১১.৩০ বজাত এক চমু উদ্বোধনী অনুষ্ঠানৰ আয়োজন। ইয়াৰ পাছতে ডি ডি কে আৰু শ্বিলং প্ৰেছ ক্লাবৰ মাজত আৰম্ভ হ’ব দ্বিতীয়খন মেচ।

প্ৰতিযোগিতাৰ ২ ফেব্ৰুৱাৰীত দুয়োখন ছেমি ফাইনেল আৰু ৪ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব ফাইনেল মেচ। লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ সময়তে অনুষ্ঠিত হ’ব ৪খন প্ৰীতি ক্ৰিকেট মেচ। ইয়াৰ ভিতৰত ৩০ জানুৱাৰীৰ পুৱা প্ৰাক্তন ৰঞ্জি দলে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে, ১ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন (পিটা)ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে, ৩ ফেব্ৰুৱাৰীৰ পুৱা জনসংযোগে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে আৰু বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন ( পিটা)ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে খেলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...