২৪ ঘণ্টাত অসমত ক’ভিডত মৃত্যু হৈছে ১৮জনৰ

অসমত বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১৮জন লোকৰ। ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৫,৯০২ জন লোক। কেৱল গুৱাহাটীসহ কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে ১,০৪৪ জন। আজিৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল ৫৬,৫১৯জনৰ। অসমত পজিটিভিটীৰ হাৰ হৈছে ১০.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯২.৫৯ শতাংশ। ইফালে দেওবাৰে ১৮ হাজাৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। ইয়াৰে ২,২৭৭জন লোকৰ দেহত পোৱা গৈছিল কভিড পজিটিভ। দেওবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ হাৰ আছিল ১২.৫৭ শতাংশ। কামৰূপ (ম) ত ক’ভিডত আক্ৰান্ত হৈছিল ৭৭১জন। ৰাজ্যত দেওবাৰে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ১৩জন আক্ৰান্তই। ক’ভিডত আৰোগ্যৰ হাৰ আছিল ৯২.৫৭ শতাংশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

এনেকৈয়ে শেষ হয়নে সকলো!

মে'ৰ ১০ তাৰিখে আছিল বিয়া… মাহ-হালধিৰে নুৱাই বিয়াৰ সাজ...

RSSৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ...

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ। ভূমিস্খলনত পথতে...

অভিষেক মেচতেই IPLৰ তিনিটা ঐতিহাসিক অভিলেখ ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু...