অসম সৌৰভ, অসম গৌৰৱ আৰু অসম বৈভৱ বঁটা বিজয়ীসকলৰ অনুপ্ৰেৰণামূলক জীৱন কাহিনী

0 638

আশাকৰ্মী, অংগনৱাড়ী কৰ্মীৰ পৰা শিক্ষাবিদ, খেলুৱৈ, ৰাজপত্ৰিত বিষয়া, কৃষি বিপ্লৱৰ সূচনা কৰা ব্যক্তি প্ৰতিজনেই নিজৰ নিজৰ ক্ষেত্ৰত সুকীয়া পৰিচয় বহন কৰিছে। এইসকল ব্যক্তিক আজি প্ৰথমবাৰলৈ পদ্ম সন্মানৰ আৰ্হিত অসম চৰকাৰে প্ৰদান কৰি সৰ্বোচ্চ অসামৰিক বঁটা। প্ৰখ্যাত উদ্যোগপতি, সমাজকৰ্মী ৰতন টাটালৈ আগবঢ়োৱা হয় অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে ৰতন টাটাই। অসমৰ কৰ্কট ৰোগ বিৰোধী যুঁজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হয় টাটালৈ।


অসম সৌৰভ বঁটাপ্ৰাপকসকল হৈছে শিক্ষাবিদ, স্বাস্থ্য বিষয়া, ৰাজপত্ৰিত বিষয়া। বিশিষ্ট শিক্ষাবিদ কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফেছৰ কমলেন্দু দেৱ ক্ৰৰিলৈ অসম সৌৰৱ সন্মান আগবঢ়োৱা হয়। IAS বিষয়া ড০ লক্ষ্মনন এছলৈ অসম গৌৰৱ সন্মান অসম চৰকাৰৰ। কভিড বিৰোধী যুঁজত আগবঢ়োৱা অৱদানলৈ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। বৰ্তমান NHMৰ মিছন ডাইৰেক্টৰৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে লক্ষ্মনন এছে।

ইয়াৰ লগতে প্ৰফেছৰ দীপক চান্দ জৈনলৈ স্বীকৃতি অসম চৰকাৰৰ। আমেৰিকাৰ নিবাসী অসম সন্তান জৈন বিশ্বৰ বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ গুৰুদায়িত্ব চম্ভালিছে। আনহাতে, নীলপৱন বৰুৱালৈ আগবঢ়োৱা হয় অসম সৌৰভ বঁটা। দ্য অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছচায়িটী প্ৰতিষ্ঠা কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনা তথা জনপ্ৰিয়তাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ লৈছিল।


আনহাতে, স্বগৰিমাৰে মহিমামণ্ডিত এইসকল ব্যক্তিলৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ সন্মান। বঁটা বিজয়ী কল্পনা বড়ো এগৰাকী অংগনৱাড়ী কৰ্মী। ওদালগুৰিৰ ৰৌতাৰ ভালুকমাৰিৰ বালিছিঙাগাঁৱত ঘৰ মহিলাগৰাকীৰ। শিশুৰ পুষ্টিসাধন, পৰিষ্কাৰ সমাজ গঢ়াৰ লগতে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ সাফল্যৰ বাবে অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ সন্মান।


আশা কৰ্মী বৰ্ণিতা মমিনলৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ। এতিয়াও একাংশ গাঁৱত ভেকচিনক লৈ আতংকিত হৈ আছে। ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ উৰাবাতৰিত ভোল গৈ একাংশই এইগৰাকী মহিলাক জৰিমনাও বিহিছিল। সমাজৰ বাধালৈ আওকাণ কৰি নিৰলস প্ৰচেষ্টাৰে গাৰো সম্প্ৰদায়ৰ লোকসকলক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছিল। শোণিতপুৰ জিলাৰ ছয়দুৱাৰৰ চেঙেলিমাৰী ফুলগুৰিত ঘৰ এইগৰাকী অদমনীয় মহিলাৰ। হৰ ঘৰ দস্তক অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি অসম চৰকাৰৰ।


আত্মসহায়ক গোটৰ সদস্যা, মহিলা উদ্যোগী ববী হাজৰিকালৈ অসম চৰকাৰৰ অসম গৌৰৱ সন্মান। মাৰ্ঘেৰিটাৰ নিবাসী ববী হাজৰিকাই মিলিজুলি নামৰ এটা আত্মসহায়ক গোটৰ উদ্যোগ লৈ আত্মসংস্থাপনৰ প্ৰয়াস কৰি আহিছে। লকডাউনৰ সময়ত চৰকাৰী কাৰ্যালয়লৈ দুপৰীয়াৰ আহাৰ পেকেটিং কৰি যোগান ধৰি অৰ্থ উপাৰ্জনৰ বাট মুকলি কৰিছিল। তাৰোপৰি লাডু আৰু পিঠা বনাই সুলভ মূল্যত অসমৰ বজাৰত বিক্ৰী কৰি আহিছে।


ডাঃ আছিফ ইকবাল এগৰাকী জ্যেষ্ঠ চিকিত্সক। প্ৰথমবাৰলৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বন মেৰু বা ষ্টেম চেন ট্ৰেঞ্চপ্লাণ্ট চাৰ্জাৰী কৰিছিল ইকবালে। ব্যক্তিগত হাস্পতালৰ মোটা অংকৰ ধনলৈ লালসা নকৰি চৰকাৰী খণ্ডৰ হাস্পতালত দৰিদ্ৰ ৰোগীলৈ আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে।


আনহাতে, বঁটা বিজয়ী কৌশিক বৰুৱাই অসমৰ উত্পাদিত সামগ্ৰীক বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি আহিছে। থলুৱা সামগ্ৰীক বিশ্বমুখী গতি প্ৰদান কৰিছে এইগৰাকী কৃষি ব্যৱসায়ীয়ে। অসমৰ ভোট জলকীয়া, উৰহী নেমু, মাটিকঁঠাল, লেটেকু আৰু কঁঠাল তথা তামোল-পাণ আৰু পাচলিক বিদেশলৈ ৰপ্তানি কৰি আহিছে কৌশিক বৰুৱাই।


কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধৰ বাবে আগবঢ়োৱা অৱদানলৈ স্বীকৃতি। পৰিৱেশবিদ, বন সংৰক্ষক তথা সমাজ হিতৈষী ধৰণীধৰ বড়োলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান। ২০০৮ চনত চিএনএন আইবিএনে ৰিয়েল হিৰো বঁটাও প্ৰদান কৰিছিল ধৰণীধৰ বড়োক।


ANM নাৰ্ছ নমিতা কলিতাক সন্মানিত কৰা হয় অসম গৌৰৱ সন্মানেৰে। এইগৰাকী নাৰ্ছে ১ লাখৰো অধিক লোকক প্ৰদান কৰিছে ভেকচিন। গুৱাহাটীৰ নিবাসী এই নাৰ্ছগৰাকীয়ে ক’ভিডৰ সময়ত আজাৰা অঞ্চলত সেৱা প্ৰদানৰ লগতে GMCHৰ কভিড বিৰোধী যুঁজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল নমিতা কলিতাই।


শিপিনী হেমপ্ৰভা চূতীয়াৰ কথা বহুতৰে জ্ঞাত। এইগৰাকী মহিলাই গুণমালা আৰু নামঘোষাক তুলি ধৰিছিল বয়ন শিল্পত। গুৰু দুজনাৰ অমৰ সৃষ্টিক তাঁতশালত বৈ উলিয়াই আন এক মাত্ৰা প্ৰদান কৰিছিল। ভাগৱত গীতাৰ ইংৰাজী সংস্কৰণো তাঁতশালত তুলি ধৰিছিল হেমপ্ৰভা চুতীয়াই।


পৰ্বতাৰোহী খৰছিং টেৰাঙলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান। ২০১৬ চনত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল টেৰাঙে। হিমালয় পৰ্বতৰ লগতে কেইবাটাও পৰ্বতাৰোহী অভিযানত অংশ লৈছে টেৰাঙে।


মুৰ্গীপালক তথা ব্যৱসায়ী আকাশজ্যোতি গগৈলৈ অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ। বাহুবলী নামেৰে ব্ৰেণ্ড গঠন কৰি কণী বিক্ৰী কৰি আহিছে গগৈয়ে। ইয়াৰ অধীনত দৈনিক ৫০ হাজাৰ কণী উত্পাদন কৰি ৰাজ্যৰ বজাৰত বিক্ৰী কৰি আহিছে। যোৰহাটৰ কৃষিভিত্তিক ব্যৱসায়িক প্ৰতিষ্ঠান নৰ্থ ইষ্ট এগ্ৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিছেচৰ স্বত্ত্বাধিকাৰী আকাশজ্যোতি গগৈ।


GMCHৰ অভিজ্ঞ চিকিত্সক ডাঃ বসন্ত হাজৰিকালৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। কভিডৰ প্ৰথম ঢৌৰ সময়ত নডেল বিষয়াৰূপে অনবদ্য সেৱা আগবঢ়াইছিল চিকিত্সকগৰাকীয়ে। একেলগে ৩ হাজাৰ জটিল তথা গুৰুতৰভাবে অসুস্থ ৰোগীক আৰোগ্য কৰাত অৰিহণা যোগাইছিল। তাৰোপৰি চিকিত্সক আৰু স্বাস্থ্য কৰ্মীৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছিল।


মনোজ কুমাৰ বসুমতাৰী এগৰাকী গাহৰি পালক, বিক্ৰেতা তথা উদ্যোগী। শোণিতপুৰৰ ঘোঁৰামাৰীৰ ঢেকীদলত ঘৰ বসুমতাৰীৰ। ছিম্বায়টিক ফুডছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰী বসুমতাৰীয়ে ৩০জনক পোনপটীয়াভাবে আৰু ১০০জনক পৰোক্ষভাবে সংস্থাপনৰ সুযোগ দিছে। নেদাৰলেণ্ড আৰু বেলজিয়ামত গাহৰি পালনৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে মনোজ কুমাৰ বসুমতাৰীয়ে। আন আন ক্ষুদ্ৰ গাহৰি পালককো সহায় কৰি আহিছে বসুমতাৰীয়ে।


মুনীন্দ্ৰ নাথ নাটেলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ অসম গৌৰৱ সন্মান। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক নাটে গুৱাহাটীৰ হেঙেৰাবাৰীৰ নিবাসী। দ্ৰুতগতিত ভেক্সিনেচন আৰু অসমজুৰি ১০০ শতাংশ ভেকচিন প্ৰদানৰ বাবে বিশেষ অৰিহণা যোগাই আহিছে।


শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় বঁটাসমূহ। শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে ৰতন টাটাই। আনহাতে, ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ আন মন্ত্ৰীসকল আৰু বঁটাপ্ৰাপকৰ আত্মীয় তথা পৰিয়াল উপস্থিত থাকে এই অনুষ্ঠানত। উল্লেখনীয় যে, নিজৰ লগতে সমাজৰ হিতৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে এইসকল ব্যক্তিয়ে। আজি প্ৰথমবাৰলৈ অসম চৰকাৰে প্ৰদান কৰি এইসমূহ বঁটা। বঁটা প্ৰদান অনুষ্ঠানৰ পিছত অনুষ্ঠিত হয় এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান।

Leave A Reply

Your email address will not be published.