মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

শিক্ষাৰ্থীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ
মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক
ন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্ট একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষক
মাচুল নিদিলে কেনেকৈ ঘৰ চলিব ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক সকলৰ?
ন্যায়ালয়ক বিষয়টো অধিক বিবেচনা কৰিবলৈ আহ্বান

শিক্ষাৰ্থী সকললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ। বৰ্তমানৰ ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাচুল পৰিশোধ নকৰাৰ বাবে কোনো ব্যক্তিগত বিদ্যালয়ে কোনো শিক্ষাৰ্থীক অনলাইন তথা অফলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ বাধা দিব নোৱাৰে। উচ্চ ন্যায়ালয়ে এইটোও স্পষ্ট কৰি দিছে যে, ব্যক্তিগত বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকৰ নিজৰ ইচ্ছানুযায়ী মাচুল আদায় কৰিব নোৱাৰে। ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীক লৈ গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে ফজলুজ্জমান মজুমদাৰৰ দ্বাৰা দাখিল কৰা এখন PIL (ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা) নিষ্পত্তি কৰাৰ সময়ত এই নিৰ্দেশ দিয়ে। পিআইএলত উত্থাপিত বিষয়টো আছিল যে ক’ভিডসৃষ্ট পৰিস্থিতিত, ব্যক্তিগত বিদ্যালয় সমূহে এতিয়াও শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকৰ সচৰাচৰ মাচুল আদায় কৰি আছে যদিও শ্ৰেণীবোৰ শাৰীৰিক ৰূপত চলি থকা নাই; কিন্তু কেৱল অন-লাইন শ্ৰেণী চলি আছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পিছতে এতিয়া অসন্তুষ্ট হৈ পৰিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক সমাজ। মাচুল নিদিলে কেনেকৈ চলিব শিক্ষকৰ ঘৰ? ন্যায়ালয়ক বিষয়টো আৰু অধিক বিবেচনা কৰি চাবলৈ আহ্বান শিক্ষক সকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...