মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক!

মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। ফেৰী ঘাটত সকলো যাত্ৰীৰে ক’ভিড পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে। এই কথা প্ৰকাশ কৰি মাজুলীৰ উপায়ুক্ত পুলক মহন্তই কৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে মাজুলীত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ক’ভিডৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ ইতিমধ্যে মাজুলীৰ সকলো প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদান কৰা হৈছে। ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰো ভেকচিন প্ৰদান প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

কৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে আজিৰে পৰা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মাস্ক পৰিধান সম্পৰ্কত মাজুলীত বিশেষ সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে এমাহৰ মূৰত মাজুলীত দুজন লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু তেওঁলোকৰ জেনম চিকুৱেঞ্চ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...