বিদ্যুৎ নাই, জেনেৰেটৰো বেয়া! টৰ্চৰ পোহৰত ৰোগীক কৰিলে চিকিৎসা

সমগ্ৰ হাস্পতালখন অন্ধকাৰত ডুব গৈছিল। বিদ্যুৎ নাই, আনকি হাস্পতালৰ জেনেৰেটৰো বিকল! চিকিৎসকসকলে চিকিৎসাৰ বাবে মমবাতিৰ পোহৰ বা টৰ্চৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়! উত্তৰ প্ৰদেশৰ বালিয়াৰ চৰকাৰী হাস্পতালত প্ৰায় ৪৫ মিনিট ধৰি এইদৰে চিকিৎসা চলিছিল।

ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে। কিন্তু এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতহে বিষয়টো পোহৰলৈ আহে। হাস্পতালৰ অধীক্ষক এছ কে যাদৱে পিটিআইক জনোৱা মতে, জেনেৰেটৰত যান্ত্ৰিক ত্ৰুটিৰ সৃষ্টি হৈছিল। মেৰামতিৰ চেষ্টা কৰা হৈছিল, কিন্তু সফল হোৱা নাছিল। অধীক্ষকৰ মতে, “সেই পৰিস্থিতিত বাধ্য হৈ চিকিৎসকসকলে টৰ্চৰ পোহৰত চিকিৎসা কৰিছিল। সম্ভৱতঃ সেই সময়ত কোনোবাই ভিডিঅ’ ৰেকৰ্ড কৰিছিল।”

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমালোচনাৰ ধুমুহাৰ সৃষ্টি হয়। হাস্পতালৰ জৰুৰী বিভাগত বিকল্প ব্যৱস্থা কিয় নাই, তাক লৈ প্ৰশ্ন উত্থাপিত হয়। এই ঘটনাৰ পিছত হাস্পতাল কৰ্তৃপক্ষই জৰুৰী বিভাগৰ বাবে ‘ইনভাৰ্টাৰ’ৰ ব্যৱস্থা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২ অক্টোবৰত পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান; পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ নৈসৰ্গিক সৌন্দৰ্য

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২ অক্টোবৰত...

বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।...

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...