লাহোৱালৰ তিতাডিমৰুৰ ফাৰ্মাচীত আজৱ কাণ্ড

ডিব্ৰুগড় লাহোৱালৰ মোহনবাৰী তিতাডিমৰুত এখন আজৱ ধৰণৰ ফাৰ্মাচী আৱিস্কাৰ হৈছে। ফাৰ্মাচীখন খোলা অৱশ্যে প্ৰায় দুবছৰেই হ’ল। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী গোপাল যাদৱ পেচাত এজন আলু বেপাৰী। ফাৰ্মাচীত ৰোগীক ঔষধ দিয়ে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এজন লোকে। তেওঁৰ অনুপস্থিতিত ৰোগীক ঔষধ বিক্ৰী কৰে এজন মেট্ৰিক ফেইল যুৱকে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু মেট্ৰিক ফেইল দুই যুৱকে মাজে সময়ে ৰোগীও চোৱাচিতা কৰে ফাৰ্মাচীখনত। বুধবাৰে NKTVৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিল এই ভয়ানক কাহিনী।

অসম দেশৰ বিষম কাহিনী
ফাৰ্মাচীৰ মালিক আলু বেপাৰী
ঔষধ বিক্ৰী কৰে মেট্ৰিক ফেইলে

কাহিনীৰ কেন্দ্ৰবিন্দু এই ফাৰ্মাচীখন। ডিব্ৰুগড় জিলাৰ লাহোৱাল মোহনবাৰীৰ তিতাডিমৰু চাৰিআলিত চলি আছে M/S ৰিয়ান্সি মেডিকেল ষ্টোৰ নামৰ এই ফাৰ্মাচীখন। ৰোগী আহে, ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয় কৰি গুছি যায়। ৰাইজে নাজানে কথাবোৰ। অৱশ্যে জনাৰ কাৰণো নাই। দৰৱ কিনিবলৈ গৈ কোনে পৰীক্ষা কৰে ফাৰ্মাচীৰ লাইচেন্স?

কিন্তু NKTVৰ সাংবাদিকলৈ গোপন সূত্ৰৰ পৰা আহিল এক খবৰ। খবৰৰ ভিত্তিত অভিযান চলিল তিতাডিমৰু চাৰিআলিৰ M/S ৰিয়ান্সি মেডিকেল ষ্টোৰত। তাৰ পিছতে উন্মোচিত হ’ল কাহানিও নেদেখা, কাহানিও নুশুনা কাহিনী। ফাৰ্মাচীখনৰ সৈতে জড়িত হৈ আছে মূলতঃ ৩ জন লোক। এজন এইজন। নাম গোপাল যাদৱ, পেচাত আলু বেপাৰী। এজন এইজন, ফাৰ্মাচীখনৰ কৰ্মী, নাম ইন্দ্ৰজিৎ। মেট্ৰিক ফেইল ইন্দ্ৰজিতে ঔষধ বিক্ৰী কৰে। আৰু এজন এইজন। নাম নোকোৱা এইজনেও ফাৰ্মাচীত ঔষধ বিক্ৰী কৰে, মাজে সময়ে ৰোগী চায়। সাংবাদিকৰ অভিযানত ফাৰ্মাচীত ওলাল লাগতীয়াল প্ৰায় সকলো ধৰণৰ ঔষধ পাতি। এই ঔষধকে আলু বেপাৰীৰ ফাৰ্মাচীত ৰোগীক বিক্ৰী কৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু মেট্ৰিক ফেইল ২ যুৱকে। খবৰ নাই ৰাজ্যৰ ঔষধ নিয়ন্ত্ৰক বিভাগৰ। এদিন দুদিন নহয়, এনেকৈ দুবছৰ ধৰি ফাৰ্মাচী চলাইছে আলু বেপাৰী গোপাল যাদৱে।

সাংবাদিকৰ অভিযানত থৰকাছুটি হেৰাল M/S ৰিয়ান্সি মেডিকেল ষ্টোৰৰ দুই কৰ্মচাৰীৰ। ঔষধ বিক্ৰী কৰাৰ কথা অস্বীকাৰ মেট্ৰিক ফেইল ইন্দ্ৰজিতৰ।

ঔষধ বিক্ৰীৰ কথা স্বীকাৰ কৰিলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ লোকজনে। সাংবাদিকক ক’লে- ফাৰ্মাচিষ্টৰ ডিগ্ৰী নাই, অভিজ্ঞতা আছে।

অভিযানৰ পিছতে আৰক্ষীকো খবৰ দিয়ে সাংবাদিকে। লগে লগেই আৰক্ষীয়ে আটক কৰি নিয়ে আলু বেপাৰী গোপাল যাদৱক। আৰক্ষীক ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ দেখুৱাব নোৱাৰিলে আলু বেপাৰীয়ে। অনুজ্ঞাপত্ৰ আৰু নথি-পত্ৰ দেখুৱাবলৈ সময় দিয়ে বুধবাৰে আলু বেপাৰী গোপাল যাদৱক মুকলি কৰি দিয়ে আৰক্ষীয়ে। আৰক্ষীৰ এই ব্যৱস্থাৰ পিছত বুধবাৰে বন্ধ থাকিল লাহোৱাল তিতাডিমৰুৰ M/S ৰিয়ান্সি মেডিকেল ষ্টোৰ।

NKTV Digital
Author: NKTV Digital

284 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...