পুত্ৰৰ প্ৰাক-বিবাহ অনুষ্ঠানত মাতৃয়ে পৰিধান কৰিলে ৪০০-৫০০ কোটি টকাৰ নেকলেছ

উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰত হোৱা পৰিঘটনাবোৰ একপ্ৰকাৰ ৰাজকীয় বিষয়।আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহ উপলক্ষে সু-সজ্জিত কৰি তুলিলে জামনগৰ। অতিথীৰ বাবে কৰা ৰাজকীয় ব্যৱস্থাই মন ভৰাই তুলিলে সকলোৰে। সম্প্ৰতি ৰাজকীয় বিয়াখনৰ অভ্যৰ্থনা,সাজ-সজ্জা আদি বিষয়বোৰে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। দৰা-কইনাৰ সমন্তৰালকৈ মুকেশ পত্নী নীতা আম্বানীৰ সাজ-সজ্জায়ো বিশেষভাৱে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। চৰ্চালৈ আহিছে নীতা আম্বানীয়ে পৰিধান কৰা নেকলেছডালো। নাহিবনো কিয়, কাৰণ এই নেকলেচডালৰ মূল্যই আপোনাৰো চকু কপালত তুলিব। দেখাত সাধাৰণ সেই অসাধাৰণ নেকলেছডালৰ মূল্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন।

নিজম পৰিল জামনগৰ
নিজ গৃহলৈ উভতিল দেশী-বিদেশী তাৰকাসকল
শেষ হ’ল অনন্ত-ৰাধিকাৰ প্ৰাক-বিবাহ অনুষ্ঠান

কিন্তু বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত প্ৰাক-বিবাহৰ বিভিন্ন বিষয়।
সম্প্ৰতি চৰ্চাত দৰাৰ মাতৃ নীতা আম্বানী
তিনিদিনীয়া প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰতিদিনে গ্লেমাৰাছ আউটফিটত দেখা গৈছিল নীতা আম্বানীক। সাজ-পোচাকৰ সমান্তৰালকৈ নীতা আম্বানীৰ গহনাই সম্প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। সৰুপুত্ৰৰ প্ৰাক-বিবাহ অনুষ্ঠানত নিজকে আটোম-টোকাৰিকৈ সজাই ৰাখিলে নীতা আম্বানীয়ে। তিনিদিনীয়া অনুষ্ঠানত কেইবা কোটি টকাৰ কাপোৰ পৰিধান কৰিলে নীতা আম্বানীয়ে।

বিবাহৰ শেষৰ দিনটোত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল নীতা আম্বানীৰ লুকচ। শেষৰ দিনটোত নীতাই পৰিধান কৰিছিল এখন ৰূপালী ৰঙৰ কাঞ্চিপুৰম শাৰী। দক্ষিণ ভাৰতীয় শিপিনীয়ে তৈয়াৰ কৰিছিল ৰূপালী ৰঙৰ এই বিশেষ শাৰীখন। শাৰীখনৰ ডিজাইন কৰিছিল জনপ্ৰিয় ডিজাইনাৰ মনীষ মালহোত্ৰাই। শাৰীখনৰ সৈতে সেউজীয়া ৰঙৰ এডাল দীঘল হীৰাৰ নেকেলেচ পিন্ধিছিল নীতা আম্বানীয়ে। সোণালী-সেউজীয়াৰ সংমিশ্ৰণেৰে যথেষ্ট ধুনীয়া দেখা গৈছিল মুকেশ পত্নীক। সুন্দৰ মেকআপ আৰু কেশসজ্জাৰে ৩০ বছৰীয়া যেন দেখা গৈছিল ৬০ বছৰীয়া নীতা আম্বানীক।

শাৰীৰ সৈতে নীতা আম্বানীয়ে পৰিধান কৰা নেকলেচডালে বৰ্তমান চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। বৰ্তমান বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে সাধাৰণ যেন দেখা এই অসাধাৰণ নেকলেচডালে। নেকলেচডালৰ দাম শুনিলে আপুনিও হয়তো আছৰিত হ’ব।

নীতা আম্বানীয়ে পৰিধান কৰা এই নেকলেছডালৰ মূল্য হৈছে ৪০০ ৰ পৰা ৫০০ কোটি টকা

নিতাই নিপুণ হাতেৰে যদৰে ব্যৱসায় চলায়, একেদৰে সুদক্ষতাৰে চলায় নিজৰ পৰিয়ালটোও। এই সকলোবোৰৰ মাজতে নিজৰ সাজ-সজ্জাৰ প্ৰতি কেতিয়াও আপোচ কৰা দেখা নাযায় এই সুন্দৰী মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...