ভাৰতৰ সেউজ ঘাঁহনিত চলিব মহাতাৰকাৰ দুভৰিৰ যাদু

ভাৰতলৈ আহিব নেইমাৰ!
আহিব কৌলিবালি, ৰুবেন নেভেচ

সাজু হওঁক ফুটবলপ্ৰেমী। বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ দুভৰিৰ যাদুৰে আলোড়ন সৃষ্টি কৰা নামি-দামী ফুটবল খেলুৱৈয়ে এতিয়া ভাৰতত দেখুৱাব নিজৰ পাৰদৰ্শিতা। AFC চেম্পিয়নছ লীগত ভাৰতীয় ফুটবল ক্লাব মুম্বাই চিটি এফ চি বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাৰ বাবে ভাৰতলৈ আহিব আল-হিলালৰ দল। চৌদি আৰৱৰ এই শক্তিশালী ক্লাবটোত আছে বিশ্বৰ তাৰকা ফুটবলাৰ। আছে ব্ৰাজিলৰ নেইমাৰ জুনিয়ৰৰ পৰা দুৰ্ধৰ্ষ চেণ্টাৰ বেক খেলুৱৈ কালিদৌ কৌলিবালিলৈ। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈৰে ভৰি আছে আল-হিলালৰ দল। উললেখযোগ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা AFC চেম্পিয়নছ লীগৰ গ্ৰুপ ড্ৰ’ৰ চূড়ান্ত তালিকাত গ্ৰুপ Dত অন্তৰ্ভুক্ত হয় মুম্বাই চিটি এফ চি। ভাৰতত ISLৰ অন্যতম দল মুম্বাই চিটি এফ চিৰ লগতে D গ্ৰুপত আছে ইৰাণৰ নাচাজী মাজানদাৰান এফ চি, উজবেকিস্তানৰ নাভবাহোৰ এফ চি আৰু আল-হিলাল দল। মন কৰিবলীয়া যে, AFC চেম্পিয়নছ লীগৰ গ্ৰুপ পৰ্যায়ৰ মেচ সমূহ HOME-AWAY ফৰ্মেটত অনুষ্ঠিত হয়। সেয়েহে ভাৰতত মুম্বাই চিটি এফ চি বিৰুদ্ধে এখন AWAY মেচ খেলিবলৈ আহিব তাৰকা খেলুৱৈৰে ভৰা আল-হিলালৰ দলটো।

VO: ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ প্ৰাথমিক পৰ্যায়ৰ খেলসমূহ। এছিয়াৰ পশ্চিম আৰু পূব দুয়োটা অঞ্চলৰ পাঁচটা গ্ৰুপত দলসমূহ বিতৰণ কৰা হৈছে। ১০টা গ্ৰুপৰ শীৰ্ষত উপনীত হোৱা দলসমূহে নকআউট ৰাউণ্ডলৈ আগবাঢ়িব। আনহাতে, পশ্চিম আৰু পূব দুয়োটা গ্ৰুপৰ শীৰ্ষ ৩ দ্বিতীয় স্থান অৰ্জন কৰা দলে প্ৰৱেশ কৰিব পৰৱৰ্তী ৰাউণ্ডত। ISLৰ মুম্বাই চিটি এফ চিয়ে ২০২২-২৩ বৰ্ষৰ ইণ্ডিয়ান চুপাৰ লীগ খিতাপ জয় কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে AFC চেম্পিয়নছ লীগত খেলাৰ সুযোগ লাভ কৰিছে। ইয়াৰ পূৰ্বে, ২০২২ত মুম্বাই চিটি এফচিয়ে প্ৰথমবাৰৰ কাৰণে AFC চেম্পিয়নছ লীগত খেলিছিল। উক্ত প্ৰতিযোগিতাখনত চৌদি আৰৱৰ ক্লাব আল-চাবাবৰ পিছত গ্ৰুপ Bত দ্বিতীয় স্থান লাভেৰে ইতিহাস সৃষ্টি কৰিছিল যদিও নকআউট ৰাউণ্ডত স্থান দখল কৰাত ব্যৰ্থ হৈছিল। এইবাৰ খেলৰ পূৰ্বেই সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনাৰ। মুম্বাই চিটি ক্লাবৰ খেলৰ জৰিয়তে ভাৰতবাসীয়ে প্ৰথমবাৰৰ বাবে স্বদেশৰ ভূমিত আগশাৰীৰ তাৰকা, ষ্টাৰডম থকা ফুটবল খেলুৱৈৰ দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিব পাৰিব। নেইমাৰৰ খেল চাবলৈ উদগ্ৰীৱ হৈ পৰিছে অসংখ্য অনুৰাগী।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...