তলত বানৰ ভয়ংকৰ ৰূপ, ওপৰৰ ওলমা দলঙেৰে যুৱকৰ ভয়ংকৰ যাত্ৰা। কোন এইজন ৰিয়েল লাইফৰ টাৰ্জান?

দৃশ্য দেখিলে গাম নোম শিয়ৰি উঠিব আপোনাৰ। তলত বানৰ ভয়ংকৰ ৰূপ, ওপৰৰ ওলোমা দলঙেৰে যুৱকৰ দু:সাহসিক যাত্ৰা।

সম্প্ৰতি সামাজি মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই ভিডিঅ’ই। যুৱকজনৰ সাহসৰ সলাগ লৈছে সকলোৱে। কোনোৱে আকৌ কৈছে, এয়া ৰিয়েল লাইফৰ টাৰ্জান! কিন্তু কোন এইজন ৰিয়েল লাইফৰ টাৰ্জান?

শেহতীয়াকৈ চৰ্চিত হোৱা এই দৃশ্য চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ। এফালে খৰস্ৰোতা পাহাৰীয়া লোহিত নৈ আনফালে নিজৰ ঘৰখনৰ প্ৰতি মমতা। প্ৰকৃতিৰ বাধাক নেওচি এগৰাকী মিছিমি যুৱকৰ দুঃসাহসিকতা। খৰস্ৰোতা লোহিত নৈ অতিক্ৰম কৰি ঘৰলৈ যোৱাৰ চেষ্টা যুৱকজনৰ।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ বাবে অসমৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। তাৰ মাজতে ভাইৰেল হৈ পৰা অৰুণাচলৰ এই দৃশ্যই ব্যাপক খলকনি তুলিছে সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...