কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে। কোৱা হয় চৰাইৰ ৰজা ধনেশ পক্ষী। মানুহৰ দৰে দায়িত্ববোধ থকা এবিধ চৰাই । এই ধনেশ পক্ষীয়ে আকৰ্ষণ কৰিছে এতিয়া কাজিৰঙাৰ দেশী বিদেশী পৰ্যটকক। প্ৰথমেই চাওক এই দৃশ্য।

অন্য পক্ষীতকৈ ব্যতিক্ৰম চৰিত্ৰ ধনেশ পক্ষীৰ। এই পক্ষীয়ে বিচাৰে মানুহৰ মৰম। তদুপৰি ধনেশক আকৰ্ষণীয় কৰি তোলে ইয়াৰ ঠোঁট, পাখি আদিৰ ৰং বোৰে ৷ এই বিশেষ প্ৰজাতিৰ পক্ষীৰ বিশেষত্ব হ’ল মতা ধনেশৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধ লক্ষণীয়৷ পৰিয়ালৰ খাদ্য যোগান, নিৰাপত্তাৰ দিশত দায়িত্ববোধৰ পৰিচয় দিয়ে মতা ধনেশে। কণী পাৰিবলৈ গছৰ খোৰোং ঠিক কৰি দিয়াৰ ওপৰিও পোৱালি ডাঙৰ নোহোৱা পৰ্যন্ত মাইকী ধনেশ জনীক খোৰোঙৰ বাহিৰৰ পৰাই খাদ্য যোগান ধৰে মতা ধনেশে৷ কাৰণ নিৰ্দিষ্ট খোৰোঙত কণীৰ সৈতে উমনিত বহে মাইকী ধনেশজনী। প্ৰায় ৫০ৰ পৰা ৯০দিনৰ বাবে একেৰাহে এনেদৰে পোৱালি জগাবলৈ উমনিত বহে মাইকী ধনেশ পক্ষীয়ে। উমনিত বহা ধনেশজনীক খাদ্যৰ যোগান ধৰে মতা ধনেশটোৱে। এই সময়চোৱাত মাইকী ধনেশ পক্ষী খোৰোঙত থাকিব লগা হোৱাত নিৰাপত্তাৰ বাবে খোৰোঙৰ মুখখন বাহিৰৰ পৰা বন্ধ কৰি কেৱল মাইকী ধনেশ পক্ষীয়ে ঠোঁটটো উলিয়াব পৰাহে হৈ থাকে৷ একেৰাহে ধনেশজনীক সময়ে সময়ে খোৰাকী দি যায় মতা ধনেশটোৱে। বংশবৃদ্ধিৰ সময়ৰ এইকঠিন সময়চোৱাই নিদৰ্শন দিয়ে মাতৃৰ সন্তানৰ প্ৰতি থকা স্নেহ।

উমনিৰ সময়চোৱাত কিবাকাৰণত মতা ধনেশটোৰ মৃত্যু হ’লে খাদ্যৰ অভাৱত খোৰোঙতে মাইকী ধনেশজনীৰো মৃত্যু হয়। ধনেশ পক্ষীৰ এই বিশেষত্ব পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণীয়৷ কাজিৰঙাৰ ওখ গছবোৰ ধনেশ পক্ষীৰ বাবে হৈ পৰিছে বাসস্থান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালকৈ দাঁতি কাষৰীয়া অঞ্চলসমূহতো আশ্ৰয় লয় এই পক্ষীবিধে। ধনেশ পক্ষীৰ বাবে স্থানীয়লোকে কলৰ লগতে না না ধৰণৰ ফল-মূল যোগান ধৰে পক্ষী বিধক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পোৱা যায় তিনি প্ৰকাৰৰ ধনেশ পক্ষী। ভাললগা কথাটো হ’ল যে ধনেশ পক্ষীৰ নিৰাপত্তাৰ বাবে স্থানীয় লোকসকলেও সৃষ্টি কৰিছে সজাগতা। এই সমূহ নান্দনিক দৃশ্যই আৰু মনোৰম কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...