গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ আজি চাৰিখন খেল অনুষ্ঠিত হয়৷ জুনিয়ৰ শাখাৰ আজি খেলত ধেমাজিয়ে বঙাইগাঁৱক, ভেড়গাঁৱে শিলচৰক, মাকুমে নাহৰকটীয়াক আৰু নগাঁৱে তেজপুৰক পৰাস্ত কৰে৷
উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাৰ লগতে¸ ছাব-জুনিয়ৰৰ খেলো অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত জুনিয়ৰ শাখাত আঠটা তথা ছাব-জুনিয়ৰ শাখাতো সমসংখ্যক দলে অংশগ্ৰহণ কৰিছে৷
অহা ২৬ মাৰ্চত সামৰণি পৰিব লগা প্ৰতিযোগিতাৰ জুনিয়ৰৰ ফাইনেল অহা ২৩ মাৰ্চত হোৱাৰ বিপৰীতে ছাব-জুনিয়ৰৰ চুড়ান্ত খেলখন অন্তিমদিনা অনুষ্ঠিত হ’ব৷ কাইলৈ জুনিয়ৰৰ অন্তিম চাৰিখন লীগ মেচ অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে এ আৰু বি গ্ৰুপৰ শীৰ্ষ দল দুটাই ফাইনেল খেলিব৷