খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ আজি চাৰিখন খেল অনুষ্ঠিত হয়৷ জুনিয়ৰ শাখাৰ আজি খেলত ধেমাজিয়ে বঙাইগাঁৱক, ভেড়গাঁৱে শিলচৰক, মাকুমে নাহৰকটীয়াক আৰু নগাঁৱে তেজপুৰক পৰাস্ত কৰে৷

উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাৰ লগতে¸ ছাব-জুনিয়ৰৰ খেলো অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত জুনিয়ৰ শাখাত আঠটা তথা ছাব-জুনিয়ৰ শাখাতো সমসংখ্যক দলে অংশগ্ৰহণ কৰিছে৷

অহা ২৬ মাৰ্চত সামৰণি পৰিব লগা প্ৰতিযোগিতাৰ জুনিয়ৰৰ ফাইনেল অহা ২৩ মাৰ্চত হোৱাৰ বিপৰীতে ছাব-জুনিয়ৰৰ চুড়ান্ত খেলখন অন্তিমদিনা অনুষ্ঠিত হ’ব৷ কাইলৈ জুনিয়ৰৰ অন্তিম চাৰিখন লীগ মেচ অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে এ আৰু বি গ্ৰুপৰ শীৰ্ষ দল দুটাই ফাইনেল খেলিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...