পিতৃ নাই, ঘৰত কেৱল মাতৃ আৰু ভগ্নী… আপুনি-মই ভবাতকৈ হয়তো বহু কঠিন জ্ঞানদীপৰ জীৱন

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া। যুৱকজনক প্ৰাণেমৰাৰ ভাবুকি দিয়ে আৰক্ষী বিষয়াজনে। অভিযুক্ত আৰক্ষী বিষয়াজন পাণবজাৰ থানাৰ ভাৰ্গব বৰবৰা। ফাঁচী বজাৰৰ জেইল ৰোডত শুকুৰবাৰে সংটিত হৈছিল এই ঘটনা। ট্ৰেফিক চিগনেল নমনাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। যুৱকজনক প্ৰহাৰৰ দৃশ্য বন্দী হৈচিল পথচাৰীৰ কেমেৰাত। ফাঁচী বজাৰৰ ঘটনাৰ পাছতেই Xত ডিজিপিৰ পোষ্ট। তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল গুৱাহাটী আৰক্ষী আয়ুক্তক। কটনৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ আছিল আৰক্ষীয়ে প্ৰহাৰ কৰা যুৱকজন।

অধ্যয়নৰ সমান্তৰালকৈ ফুড ডেলিভাৰীৰ কাম কৰিছিল যুৱকজনে। আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা ছাত্ৰজনৰ নাম জ্ঞানদীপ হাজৰিকা। তেজপুৰত ঘৰ জ্ঞানদীপ হাজৰিকাৰ। ২০২৪ বৰ্ষত স্নাতকৰ চূড়ান্ত পৰীক্ষা দিছে জ্ঞানদীপে। উল্লেখ্য যে অতি কষ্টৰে নিজৰ খৰচ উলিয়াই পঢ়ি আছিল ছাত্ৰজনে। নিশা পাণবজাৰ থানাত প্ৰায় ৪ ঘণ্টা থাকিবলগীয়া হ’ল জ্ঞানদীপ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জ্ঞানদীপৰ। ভুল দিশেৰে যাবলৈ বিচৰাৰ কথা স্বীকাৰ জ্ঞানদীপৰ। জ্ঞানদীপে নিজৰ ভুল বুজি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দিয়া নাই গোচৰ। জ্ঞানদীপে ফুড ডেলিভাৰীৰ লগতে পুৱা বিলাইছিল বাতৰি কাকত। নিজৰ খৰচ যোগাৰ কৰাৰ বাবে বহু কষ্ট কৰিছিল জ্ঞানদীপে। জ্ঞানদীপৰ মাতৃয়ে নাজানিছিল পুত্ৰই ফুড ডেলিভাৰী দিয়ে বুলি। মাকৰ ওপৰত অতিৰিক্ত বোজা নিদিয়াৰ বাবে নিজে অৰ্জন কৰিছিল ধন। জ্ঞানদীপৰ মাতৃও কৰ্মৰত আৰক্ষীত। পিতৃও আছিল আৰক্ষীত কৰ্মৰত। ২০১১ চনত ঢুকাইছিল জ্ঞানদীপৰ পিতৃ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...