বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী

বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী। ক্ৰমশঃ বৃদ্ধি পাইছে দিল্লীৰ বায়ুমান সূচাংক। শনিবাৰে দিল্লীৰ আনন্দ বিহাৰ অঞ্চলত AQI হয়গৈ ৩৩৪। সৰ্বাধিক প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত আনন্দ বিহাৰ, অক্ষৰ ধাম। প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে লৈছে বিশেষ ব্যৱস্থা। প্ৰদূষণ ৰোধ কৰিবলৈ ঠায়ে ঠায়ে পানী সিঁচিছে দিল্লী চৰকাৰে। আনফালে দিল্লীৰ ভয়াৱহ প্ৰদূষণৰ প্ৰভাৱ পৰিছে নৈ-উপনৈসমূহত।

এটা বিশেষ দৃশ্য। যেন শুকুলা মেঘে আৱৰি ধৰিছে চৌপাশ। মেঘ ভাঙি ভাঙি আগুৱাইছে মানুহ। কিন্তু এয়া মেঘ নহয়। মেঘৰ দৰে লাগিলেও এয়া নদী ভৰি পৰা বিষাক্ত ফেন।

এই দৃশ্য দিল্লীৰ যমুনা নৈৰ। দিল্লীৰ ভয়াৱহ প্ৰদূষণৰ প্ৰভাৱত যমুনা নৈয়ে লৈছে এই ৰূপ। দিল্লীৰ কালিন্দীকুঞ্জত দেখা গৈছে এই দৃশ্য। ষঠ পূজাৰ পূৰ্বে যমুনাৰ এই ৰূপে উদ্বিগ্ন কৰিছে দিল্লীবাসীক।

Popular

More like this
Related

বিবাহ বিচ্ছেদ ঘটিল এ. আৰ. ৰহমান আৰু ছাইৰা বানুৰ

অন্ত পৰিল ২৯ বছৰীয়া বৈবাহিক জীৱন। বিবাহ বিচ্ছেদ ঘটিল...

একেটা পৰিয়ালৰে ৪জনকৈ লোকক হত্যা

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ ৪জনক হত্যা। চোকা...

অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ

অসম, মেঘালয়, মিজোৰাম, মণিপুৰত ধুমুহা-বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই...

ছীটবেল্ট, হেলমেট নিপিন্ধিলে ডিপোত নাপাব তেল

গাড়ীখন বা বাইকত বাহিৰলৈ ওলাই গ'লে ছীটবেল্ট নাইবা হেলমেট...