চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, আপোন বহাগৰ ৰং আনন্দত এতিয়া ৰাইজৰ হিয়া নধৰা। কুলিৰ মাতত নাচনীৰ মন চঞ্চলা। ঢুলীয়াৰ দুহাতত ঢোলৰ ছন্দ, ঢোলৰ ছেৱত নাচনী উৰিছে পখিলা হৈ। ৰঙালী এনেকুৱাই। লগতে ৰঙালী বিহুৰ আছে অনন্য পৰম্পৰা। শতিকা গৰকা এটা পৰম্পৰা আৰু এটা লোকবিশ্বাস। ৩৭২ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত বোকা খেল।
আজি পহিলা ব’হাগ। ধৰিত্ৰীৰ উৰ্বৰা শক্তিৰ বৃদ্ধিৰ কামনা কৰি প্ৰতিজন অসমীয়াই আজি পালন কৰিছে ব’হাগ বিহু । ধৰিত্ৰীক সন্তুষ্ট কৰিবলৈ পালন কৰা এই বিহুত প্ৰেম প্ৰণয়ৰ তীব্ৰ আহ্বান দেখিবলৈ পোৱা যায় যদিও মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানসমুহৰ উদাসীন পৰম্পৰাত বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিৰে ৰঙালীৰ আনন্দত ভাগ লয় । ইয়াৰ ভিতৰত সত্ৰত অনুষ্ঠিত হৈ অহা বোকা খেল অন্যতম। লোকবিশ্বাস অনুসৰি বোকা খেল খেলিলে বছৰটোৰ বাবে চৰ্মৰোগৰ পৰা ৰক্ষা পৰে। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰৰ বৈষ্ণৱসকলৰ লগতে ফুলনি, জুগুনিধাৰী, নামকাটনি আদি অঞ্চলত পুৰুষ-মহিলা সকলোৱে মিলি বোকা খেলত ভাগ লয়। ভূমিক শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰি সত্ৰৰ প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰি বোকা খেলত ভাগ লয়। লখিমপুৰৰ খগা আমগুৰি কুমাৰ গাঁৱতো একেই পৰিৱেশ। পুৱাই গাঁওবাসী ওলাই আহিল পৰম্পৰা ৰক্ষা কৰি বোকাখেলৰ বাবে। বয়সেও হাৰ মনাব পৰা নাই ককা-আইতাক।
বোকাখেলত কত’ যে কিমান ফুৰ্তি। এইদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মই ধৰি ৰাখিব আমাৰ পৰম্পৰা সমূহ। ককাক আইতাকৰ লগত বোকাখেললৈ ওলাই আহিল কণমানিহঁতো।
পূৰ্বৰ শতিকাযোৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি ঢকুৱাখনাৰ তুলসীজান গাঁওৰ ৰাইজেও পালন কৰিলে বোকা বিহু। পুৱাই জ্যেষ্ঠজনক সেৱা কৰি গাঁৱৰ বোৱাৰী, যুৱক-যুৱতীসকল একত্ৰিত হৈ ইজনে সিজনৰ গাত বোকা সানি বুৰ গৈছে ৰঙালীৰ আনন্দত।
ৰঙালীক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজে পালন কৰি আহিছে ভিন্ন পৰম্পৰা। ধিঙতো পালন কৰা হয় এক বিশেষ পৰম্পৰা। পূৰ্বপুৰুষে দেখুৱাই দিয়া বাটেৰেই এইবেলিও ধিঙৰ বালিসত্ৰৰ ৰাইজে পুৱাৰ ভাগতে গুদুখেল, “তেলখেলা পৰম্পৰা” পালন কৰি পুৱাৰ ভাগতে।
এইদৰেই প্ৰজন্মৰ পিছত প্ৰজন্ম অটুট থাকক এই সমূহ পৰম্পৰা। জাতীয় জীৱন জিলিকাই তোলা অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুতিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আশাৰ বতৰা।