এছিয়াৰ আটাইতকৈ চাফ-চিকুণ গাঁৱত শচীন তেণ্ডুলকাৰ

এছিয়াৰ আটাইতকৈ চাফ-চিকুণ গাঁৱত শচীন। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ শেহতীয়া অসম আৰু মেঘালয় ভ্ৰমণৰ কথা সম্ভৱতঃ কোনেও পাহৰা নাই। পাহৰিবই বা কিয়? স্বপ্নৰ তাৰকাক কায়িকভাৱে লগ পোৱাৰ স্বপ্নৰ মুহূৰ্ত সেয়া। ডাৱৰৰ দেশৰ দিহিঙ দিপাঙে ফুৰি দুটা নিশা কাজিৰঙাতো পৰিয়ালসহ কটাই গৈছিল শচীন তেণ্ডুলকাৰে। শচীনক কাষত পোৱাৰ, শচীনৰ সৈতে এখন ফটো উঠাৰ মুহূৰ্তবোৰ এতিয়াও আনন্দমনে সুঁৱৰি আছে প্ৰতিজন লোকে।

স্মৃতিবোৰ সজীৱ কৰি মঙলবাৰে শচীনে সামাজিক মাধ্যমৰ একাউন্টত আপলোড কৰিলে মাওলিনং ভ্ৰমণৰ দৃশ্য।

এছিয়াৰ সবাতোকৈ চাফ-চিকুণ গাঁও এই মাওলিনং। মাওলিনঙলৈ আদৰণি বুলি লিখি হোৰ্ডিঙৰ সন্মুখত হাঁহিমুখেৰে ফটোৰ বাবে শচীন ৰমেশ তেণ্ডুলকাৰৰ।

গাঁওখনৰ অলিয়ে গলিয়ে ঘূৰি-ফুৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰিছিল শচীনে। মাষ্টাৰ ব্লাষ্টাৰ গৰাকীক এই ভ্ৰমণত সংগ দিছিল পত্নী অঞ্জলী আৰু ছাৰা তেণ্ডুলকাৰে। শচীনে নিজ মুখেৰেও ক’লে- ডিস্ক’ভাৰি চেনেলে অনুষ্ঠান কৰিছিল এছিয়াৰ সবাতোকৈ চাফ-চিকুণ এই মাওলিনঙক লৈ।

ভ্ৰমণকালত মাওলিনঙৰ স্থানীয় কণ কণ শিশুসকলৰ সৈতেও মত বিনিময় ক্ৰিকেট ভগৱানৰ। শচীনক মাজত লৈ কণ কণ শিশুসকলে আকৌ এবাৰ চিঞৰি উঠিল শচীন.. শচীন.. বুলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...