ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ স্বাৰ্থত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ চলিত মাৰ্চ মাহটো ৰাইজৰ বিশেষ সেৱা মাহ হিচাপে গ্ৰহণ কৰি বাহনৰ গৰাকীৰ ঘৰে ঘৰে উপস্থিত হৈ বাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ থিতাতে সমাধান কৰিবলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। বৰ্তমান সময়ত দেখা গৈছে যে পথত গুৰুতৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হোৱা বহুলোকে বীমা কোম্পানী অথবা চৰকাৰৰ পৰা প্ৰয়োজনীয় ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই, যিহেতু যথেষ্টসংখ্যক যানবাহনৰ গৰাকীৰে সময়ৰ অভাৱ অথবা যানবাহন আইন সন্দৰ্ভত জ্ঞাত নহয়। যানবাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাৰ লগতে বাহনৰ কৰ-কাটলসমূহ সময়মতে পৰিশোধ নকৰিলে বাহনখনযে বৈধ হৈ নাথাকে সেই কথাও বহুতেই নাজানে ৷ অৱশ্যে বহুতেই এৰাব নোৱৰা কৰ্মব্যস্ততাৰ বাবেও নিজৰ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰৰ লগতে মৰমৰ বাহনখনৰ পঞ্জীয়ণ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰকে ধৰি যাৱতীয় নথিপত্ৰসমূহ সঠিক হৈ আছেনে নাই চাবলৈ পাহৰে ৷ সেয়েহে মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিশেষ সহায়কাৰী দলে মাৰ্চ মাহৰ প্ৰতিটো খোলা দিনতে বাহনৰ গৰাকীৰ ঘৰ-কাৰ্যালয়, বিভিন্ন বাণিজ্যিক, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান আদিত উপস্থিত হৈ বাহনৰ নথি-পত্ৰবিষয়ক সমস্যাৰ তাৎক্ষণিক সমাধান আগবঢ়াব ৷ এইক্ষেত্ৰত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে যানবাহনৰ গৰাকীলৈ কাতৰ অনুৰোধ জনাই কয় যে ৰাজপথত নিজৰ লগতে আন সকলোৰে প্ৰতি সুৰক্ষা বজাই ৰখাৰ স্বাৰ্থত আপোনাৰ মৰমৰ বাহনখনৰ নথি-পত্ৰসমূহ আজিয়েই সঠিক কৰি লওক ৷ কাৰণ নথিপত্ৰ সঠিক হৈ নাথাকিলে শংকামুক্ত আৰু বিশ্বাসযোগ্য যাতায়াত সম্ভৱ নহয়। তদুপৰি দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে আৰু নিজৰ লগতে তৃতীয় পক্ষৰ কিবা ক্ষতি হ’লে আপুনি চৰকাৰ, বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নাপাব। এনেকুৱা হ’লে সমাজৰ সুৰক্ষিত যাতায়তো সম্ভৱ নহয়। যিহেতু সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে বাহনখন যান্ত্ৰিকভাৱে সক্ষম হৈ থকাৰ লগতে নথি-পত্ৰসমূহ সঠিক কৰি ৰাখিব লাগিব। সেয়েহে সমূহ যান-বাহনৰ গৰাকীক পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কাতৰ অনুৰোধ জনাইছে যে আগন্তুক ৩১মাৰ্চৰ আগতে যানবাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক। লগতে বাহনৰ বকেয়াসহ বৰ্তমানৰ যাৱতীয় কৰ-কাটলসমূহ পৰিশোধ কৰি ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত নিজকে এগৰাকী দায়িত্বশীল আৰু দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলক ৷
