জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ

আকাশমাৰ্গেৰে যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে লাইট কম্বেট এয়াৰক্ৰাফটে। ভাৰতীয় বায়ুসেনাত এনে LCA হিচাপে সেৱা আগবঢ়াই আহিছিল ৰাছিয়াত নিৰ্মিত MIG-21 যুদ্ধ বিমানে। এতিয়া এই কেইবা দশক পুৰণি বিমানসমূহ আঁতৰ কৰি ভাৰতীয় বায়ুসেনাই সংযোজন কৰিবলৈ লৈছে ভাৰততে নিৰ্মিত LCA তেজছ। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে তেজছৰ এক উন্নত সংস্কৰণ।

ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধ বিমান ‘তেজছ’ৰ নতুন সংস্কৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই যুদ্ধ বিমান
জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ
‘মাল্টি ৰ’ল ছুপাৰছ’নিক্ছ’ যুদ্ধ বিমান ‘তেজছ’ত আছে বিভিন্ন ক্ষেপণাস্ত্ৰ
HALত নিৰ্মিত ৪০ যুদ্ধ বিমান প্ৰথমে সংলগ্ন হৈছিল ভাৰতীয় বায়ুসেনাত
পৰৱৰ্তী পৰ্যায়ত ৮৩খন ‘তেজছ’ HALৰ পৰা ক্ৰয় কৰে বায়ুসেনাই
ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজতো সংযোজন হৈছে ‘তেজছ’
এই যুদ্ধ বিমানৰ Mark-1 শীৰ্ষক উন্নত সংস্কৰণ শনিবাৰে অৰ্পণ বায়ুসেনাক


ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধ বিমান ‘তেজছ’ৰ নতুন সংস্কৰণ উদ্বোধন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই যুদ্ধ বিমান
জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ

থলুৱা প্ৰযুক্তিত চতুৰ্থ প্ৰজন্মৰ বাবে নিৰ্মিত তেজছৰ নতুন সংস্কৰণ শনিবাৰে উৰুওৱা হয় বাংগালুৰুত থকা HAL অৰ্থাৎ হিন্দুস্তান এৰনটিক্ছ লিমিটেডৰ বিমানঘাটিৰ পৰা। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যুদ্ধ বিমানত উৰণৰ অভিজ্ঞতা বৰ্ণনা কৰিছে তেওঁৰ এক্স হেণ্ডেলত। প্ৰধানমন্ত্ৰীয়ে ক’লে তেজছৰ বাবে দেশবাসীৰ ক্ষমতাৰ প্ৰতি তেওঁৰ আস্থা বাঢ়িছে আৰু আমাৰ জাতীয় সম্ভাৱনা সন্দৰ্ভত গৰ্ব আৰু আশাৰ ৰেঙণি সৃষ্টি কৰিছে।

‘মাল্টি ৰ’ল ছুপাৰছ’নিক্ছ’ যুদ্ধ বিমান ‘তেজছ’ত সংলগ্ন আছে বিভিন্ন ক্ষেপণাস্ত্ৰ
HALত নিৰ্মিত ৪০ যুদ্ধ বিমান প্ৰথমে সংলগ্ন হৈছিল ভাৰতীয় বায়ুসেনাত
পৰৱৰ্তী পৰ্যায়ত ৮৩খন ‘তেজছ’ HALৰ পৰা ক্ৰয় কৰে বায়ুসেনাই
ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজতো সংযোজন হৈছে ‘তেজছ’
এই যুদ্ধ বিমানৰ Mark-1 শীৰ্ষক উন্নত সংস্কৰণ শনিবাৰে অৰ্পণ বায়ুসেনাক


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘তেজছ’ যুদ্ধ বিমানৰ নিৰ্মাণৰ কাৰখানাৰ লগতে HALৰ অন্যান্য নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কেইবাখনো দেশে HALৰ পৰা ‘তেজছ’ ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ বৃহৎ প্ৰতিৰক্ষা কোম্পানী GE এৰ’স্পেচে ‘তেজছ’ৰ পৰৱৰ্তী মাৰ্ক–২ সংস্কৰণৰ ইঞ্জিন নিৰ্মাণৰ বাবে HALৰ সৈতে চুক্তিবদ্ধ হৈছে।

ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানী সৰ্বকালৰ অভিলেখ ১৫,৯২০ কোটি টকালৈ বৃদ্ধি
২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ ৰপ্তানী বৃদ্ধি পায় এই পৰিমাণলৈ
ভাৰতীয় বায়ুসেনাই ১ লাখ ১৫ হাজাৰ কোটিৰে ক্ৰয় কৰিব ৯৭ তেজছ Mark-1A বিমান
৬০ হাজাৰ কোটি টকাৰে সংস্কাৰ সাধিব ৮৪খন ছুখই-30 MKI বিমানৰ
২০২১ত ৪৮ হাজাৰ কোটিৰে ৮৩খন তেজছ Mark-1A ক্ৰয়ৰ বাবে HALৰে চুক্তি বায়ুসেনাৰ
ভাৰতীয় বায়ুসেনাত ‘তেজছ’ৰ সংখ্যা ১৮০খনলৈ বৃদ্ধি
বায়ুসেনাত থকা MIG-21 ‍বিমানৰ স্থান ল’ব এই তেজছ যুদ্ধ বিমানে


এটা ইঞ্জিনযুক্ত লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছে যুদ্ধক্ষেত্ৰত কেইবাটাও ভূমিকা পালন কৰিব পাৰে। আকাশমাৰ্গেৰে প্ৰতিৰক্ষা, শত্ৰুঘাটিত আক্ৰমণ, নিৰীক্ষণ আদি বিভিন্ন ভূমিকা ল’ব পৰা বাবে তেজছৰ গুৰুত্ব বাঢ়িছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...