জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ

আকাশমাৰ্গেৰে যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে লাইট কম্বেট এয়াৰক্ৰাফটে। ভাৰতীয় বায়ুসেনাত এনে LCA হিচাপে সেৱা আগবঢ়াই আহিছিল ৰাছিয়াত নিৰ্মিত MIG-21 যুদ্ধ বিমানে। এতিয়া এই কেইবা দশক পুৰণি বিমানসমূহ আঁতৰ কৰি ভাৰতীয় বায়ুসেনাই সংযোজন কৰিবলৈ লৈছে ভাৰততে নিৰ্মিত LCA তেজছ। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে তেজছৰ এক উন্নত সংস্কৰণ।

ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধ বিমান ‘তেজছ’ৰ নতুন সংস্কৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই যুদ্ধ বিমান
জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ
‘মাল্টি ৰ’ল ছুপাৰছ’নিক্ছ’ যুদ্ধ বিমান ‘তেজছ’ত আছে বিভিন্ন ক্ষেপণাস্ত্ৰ
HALত নিৰ্মিত ৪০ যুদ্ধ বিমান প্ৰথমে সংলগ্ন হৈছিল ভাৰতীয় বায়ুসেনাত
পৰৱৰ্তী পৰ্যায়ত ৮৩খন ‘তেজছ’ HALৰ পৰা ক্ৰয় কৰে বায়ুসেনাই
ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজতো সংযোজন হৈছে ‘তেজছ’
এই যুদ্ধ বিমানৰ Mark-1 শীৰ্ষক উন্নত সংস্কৰণ শনিবাৰে অৰ্পণ বায়ুসেনাক


ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধ বিমান ‘তেজছ’ৰ নতুন সংস্কৰণ উদ্বোধন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই যুদ্ধ বিমান
জলফাই ৰঙৰ পোচাক পিন্ধি ‘তেজছ’ত উৰণ প্ৰধানমন্ত্ৰী মোদীৰ

থলুৱা প্ৰযুক্তিত চতুৰ্থ প্ৰজন্মৰ বাবে নিৰ্মিত তেজছৰ নতুন সংস্কৰণ শনিবাৰে উৰুওৱা হয় বাংগালুৰুত থকা HAL অৰ্থাৎ হিন্দুস্তান এৰনটিক্ছ লিমিটেডৰ বিমানঘাটিৰ পৰা। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যুদ্ধ বিমানত উৰণৰ অভিজ্ঞতা বৰ্ণনা কৰিছে তেওঁৰ এক্স হেণ্ডেলত। প্ৰধানমন্ত্ৰীয়ে ক’লে তেজছৰ বাবে দেশবাসীৰ ক্ষমতাৰ প্ৰতি তেওঁৰ আস্থা বাঢ়িছে আৰু আমাৰ জাতীয় সম্ভাৱনা সন্দৰ্ভত গৰ্ব আৰু আশাৰ ৰেঙণি সৃষ্টি কৰিছে।

‘মাল্টি ৰ’ল ছুপাৰছ’নিক্ছ’ যুদ্ধ বিমান ‘তেজছ’ত সংলগ্ন আছে বিভিন্ন ক্ষেপণাস্ত্ৰ
HALত নিৰ্মিত ৪০ যুদ্ধ বিমান প্ৰথমে সংলগ্ন হৈছিল ভাৰতীয় বায়ুসেনাত
পৰৱৰ্তী পৰ্যায়ত ৮৩খন ‘তেজছ’ HALৰ পৰা ক্ৰয় কৰে বায়ুসেনাই
ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজতো সংযোজন হৈছে ‘তেজছ’
এই যুদ্ধ বিমানৰ Mark-1 শীৰ্ষক উন্নত সংস্কৰণ শনিবাৰে অৰ্পণ বায়ুসেনাক


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘তেজছ’ যুদ্ধ বিমানৰ নিৰ্মাণৰ কাৰখানাৰ লগতে HALৰ অন্যান্য নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কেইবাখনো দেশে HALৰ পৰা ‘তেজছ’ ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ বৃহৎ প্ৰতিৰক্ষা কোম্পানী GE এৰ’স্পেচে ‘তেজছ’ৰ পৰৱৰ্তী মাৰ্ক–২ সংস্কৰণৰ ইঞ্জিন নিৰ্মাণৰ বাবে HALৰ সৈতে চুক্তিবদ্ধ হৈছে।

ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানী সৰ্বকালৰ অভিলেখ ১৫,৯২০ কোটি টকালৈ বৃদ্ধি
২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ ৰপ্তানী বৃদ্ধি পায় এই পৰিমাণলৈ
ভাৰতীয় বায়ুসেনাই ১ লাখ ১৫ হাজাৰ কোটিৰে ক্ৰয় কৰিব ৯৭ তেজছ Mark-1A বিমান
৬০ হাজাৰ কোটি টকাৰে সংস্কাৰ সাধিব ৮৪খন ছুখই-30 MKI বিমানৰ
২০২১ত ৪৮ হাজাৰ কোটিৰে ৮৩খন তেজছ Mark-1A ক্ৰয়ৰ বাবে HALৰে চুক্তি বায়ুসেনাৰ
ভাৰতীয় বায়ুসেনাত ‘তেজছ’ৰ সংখ্যা ১৮০খনলৈ বৃদ্ধি
বায়ুসেনাত থকা MIG-21 ‍বিমানৰ স্থান ল’ব এই তেজছ যুদ্ধ বিমানে


এটা ইঞ্জিনযুক্ত লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছে যুদ্ধক্ষেত্ৰত কেইবাটাও ভূমিকা পালন কৰিব পাৰে। আকাশমাৰ্গেৰে প্ৰতিৰক্ষা, শত্ৰুঘাটিত আক্ৰমণ, নিৰীক্ষণ আদি বিভিন্ন ভূমিকা ল’ব পৰা বাবে তেজছৰ গুৰুত্ব বাঢ়িছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...