আহি আছে “THE GOVERNMENT SERVANT”

মায়ং ঠাইখনৰ নাম বুলিলে কিন্তু এতিয়াও মানুহে যাদুৰ দেশ বা তন্ত্ৰ-মন্ত্ৰৰ ঠাই বুলি অভিহিত কৰে। কিন্তু মায়ং সঁচাকৈ এখন যাদুৰ দেশ নেকি? অন্য একো পৰিচয় নাই? মায়ং অঞ্চলত যেতিয়া চৰকাৰী বিষয়া এজন বদলি হৈ আহিল, তেওঁ মায়ঙক অন্য দৃষ্টিভংগীৰে চাব খুজিলে, কিন্তু তেওঁ কিমান সফল হ’ল?

সাহিত্য একাডেমি বঁটা প্ৰাপ্ত লেখক জয়ন্ত সাধক বৰাই ৰচনা কৰা “মায়ং” নামৰ অগতানুগতিক উপন্যাসৰ আলমত নিৰ্মাণ হৈছে নতুন অসমীয়া চলচ্চিত্ৰ “THE GOVERNMENT SERVANT”। পৰিচালনা কৰিছে প্ৰদ্যুত কুমাৰ ডেকাই। চৰকাৰী বিষয়াৰ মূল চৰিত্ৰত অভিনয় কৰিছে কপিল বৰাই, আন চৰিত্ৰত হিৰণ্য ডেকা, নিকুমনি বৰুৱা, উপকুল বৰদলৈ, দুৰ্গাশ্ৰী বৰা, দেৱশ্ৰী দাস, দিপজ্যোতি কাকতি, হেমন্ত দেবনাথ, হিমাংশু শৰ্মা আৰু পাৰ্থজিত বৰুৱা।

মঞ্জুশ্ৰী এন্টাৰটেইনমেন্টৰ হৈ দেবাশিষ শৰ্মা আৰু পাহি এন্টাৰপ্ৰাইজৰ হৈ লিপিকা মেধি শৰ্মাই ছবিখন প্ৰযোজনা কৰিছে। চিত্ৰনাট্য জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুত কুমাৰ ডেকাৰ, কেমেৰা মিনাক্ষী ভাগৱতীৰ, সহকাৰী মিন্টু বৰ্মন, ৰূপসজ্জা জোনালী বৰুৱাৰ, সাজ-সজ্জা ৰজি বৰাৰ, পোহৰ আব্দুল চৈয়দৰ, প্ৰডাকচন মেনেজাৰ বিনোদ ভাগৱতী আৰু স্থিৰ চিত্ৰ পল্লৱ মহন্তৰ। ছবিখনৰ গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞাই, সংগীত পৰিচালনা দেবাশীষ গোস্বামীৰ, সম্পাদনা ৰতন শীল শৰ্মা, সহকাৰী জিতেন বৰা, বিশেষ VFXৰ কাম কৰিছে জিতেন দাস আৰু হীৰক ডেকাই। জ্যোতি চিত্ৰবনত ডাবিং শেষ হোৱাৰ পিছত শীঘ্ৰেই চূড়ান্ত সম্পাদনাৰ কাম আৰম্ভ হ’ব, আৰু ইয়াৰ পিছতে দীপক দত্তৰ নিৰ্দেশত ছাউণ্ড ডিজাইনিঙৰ কাম আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...