শুকুৰবাৰ কিয় ছবি এখন মুক্তি দিয়া হয়?

আপুনি কেতিয়াবা ভাৱিছেনে ছবি এখন কিয় শুক্ৰবাৰে মুক্তি দিয়া হয়? শুকুৰবাৰ দিনটোৰ উপাৰ্জনেই নিৰ্ভয় কৰে ছবিখন দৰ্শকে আকোঁৱালি ল’ব নে নাই! হয়তো বহুতৰেই উত্তৰ হ’ব যে উইক এণ্ড হোৱাৰ বাবে ছবিৰ বক্স অফিচ কালেকচন ভাল হয়, সেয়েহে শুকুৰবাৰ দিনটো ছবি মুক্তিৰ বাবে ভাল।
জানো আহক শুকুৰবাৰৰ দিনটোত কিয় মুক্তি দিয়া হয় নতুন ছবি এখন?


১. শুকুৰবাৰে ভাৰতত ছবি মুক্তিৰ ধাৰণাটো হলীউডৰ পৰা আহিছে শুকুৰবাৰে ছবি মুক্তিৰ এই ধাৰণাটো হলীউডত ১৯৪০ চনত আৰম্ভ হৈছিল। কিন্তু ভাৰতত এই প্ৰথা ১৯৬০ চনৰ পৰা আৰম্ভ হৈছিল। ভাৰতত শুকুৰবাৰৰ দিনটোত মুক্তি পোৱা প্ৰথম ছবি আছিল মোগল-এ-আজম। ইয়াৰ পাছৰ পৰাই ভাৰতত শুকুৰবাৰৰ দিনটোত ছবি মুক্তি দিবলৈ আৰম্ভ কৰা হৈছিল।

২. শুকুৰবাৰৰ দিনটো ভাৰতত শুভ দিন হিচাপে গণ্য কৰা হয়। এই শুকুৰবাৰৰ দিনটো মা-লক্ষ্মীৰ দিন। সেয়েহে বহু প্ৰযোজকে এই শুভ দিনতেই ছবি মুক্তি দিয়া দেখা যায়।

৩. ছবি জগতৰ ক্ষেত্ৰত উইক এণ্ড শুকুৰবাৰৰ পৰাই আৰম্ভ হয়। যিহেতু শনিবাৰ আৰু দেওবাৰৰ দিনটো বন্ধ থাকে সেয়েহে শুকুৰবাৰ দিনটোত ছবি এখন মুক্তি দিলে দৰ্শকে ছবিখন চাবৰ বাবে সময় লাভ কৰে ,সেয়েহে শুকুৰবাৰৰ দিনটোত মুক্তি দিয়া ছবি সমূহে অধিক উপাৰ্জন কৰিব পাৰে। শুকুৰবাৰৰ দিনটোত ছবি মুক্তিৰ এই প্ৰথা আমেৰিকাৰ দ্বাৰা আধাৰিত। দশক দশক ধৰি আমেৰিকাই এই শুকুৰবাৰৰ দিনটোত ছবি মুক্তি দি ইতিহাস ৰচনা কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...