আহি আছে “THE GOVERNMENT SERVANT”

মায়ং ঠাইখনৰ নাম বুলিলে কিন্তু এতিয়াও মানুহে যাদুৰ দেশ বা তন্ত্ৰ-মন্ত্ৰৰ ঠাই বুলি অভিহিত কৰে। কিন্তু মায়ং সঁচাকৈ এখন যাদুৰ দেশ নেকি? অন্য একো পৰিচয় নাই? মায়ং অঞ্চলত যেতিয়া চৰকাৰী বিষয়া এজন বদলি হৈ আহিল, তেওঁ মায়ঙক অন্য দৃষ্টিভংগীৰে চাব খুজিলে, কিন্তু তেওঁ কিমান সফল হ’ল?

সাহিত্য একাডেমি বঁটা প্ৰাপ্ত লেখক জয়ন্ত সাধক বৰাই ৰচনা কৰা “মায়ং” নামৰ অগতানুগতিক উপন্যাসৰ আলমত নিৰ্মাণ হৈছে নতুন অসমীয়া চলচ্চিত্ৰ “THE GOVERNMENT SERVANT”। পৰিচালনা কৰিছে প্ৰদ্যুত কুমাৰ ডেকাই। চৰকাৰী বিষয়াৰ মূল চৰিত্ৰত অভিনয় কৰিছে কপিল বৰাই, আন চৰিত্ৰত হিৰণ্য ডেকা, নিকুমনি বৰুৱা, উপকুল বৰদলৈ, দুৰ্গাশ্ৰী বৰা, দেৱশ্ৰী দাস, দিপজ্যোতি কাকতি, হেমন্ত দেবনাথ, হিমাংশু শৰ্মা আৰু পাৰ্থজিত বৰুৱা।

মঞ্জুশ্ৰী এন্টাৰটেইনমেন্টৰ হৈ দেবাশিষ শৰ্মা আৰু পাহি এন্টাৰপ্ৰাইজৰ হৈ লিপিকা মেধি শৰ্মাই ছবিখন প্ৰযোজনা কৰিছে। চিত্ৰনাট্য জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুত কুমাৰ ডেকাৰ, কেমেৰা মিনাক্ষী ভাগৱতীৰ, সহকাৰী মিন্টু বৰ্মন, ৰূপসজ্জা জোনালী বৰুৱাৰ, সাজ-সজ্জা ৰজি বৰাৰ, পোহৰ আব্দুল চৈয়দৰ, প্ৰডাকচন মেনেজাৰ বিনোদ ভাগৱতী আৰু স্থিৰ চিত্ৰ পল্লৱ মহন্তৰ। ছবিখনৰ গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞাই, সংগীত পৰিচালনা দেবাশীষ গোস্বামীৰ, সম্পাদনা ৰতন শীল শৰ্মা, সহকাৰী জিতেন বৰা, বিশেষ VFXৰ কাম কৰিছে জিতেন দাস আৰু হীৰক ডেকাই। জ্যোতি চিত্ৰবনত ডাবিং শেষ হোৱাৰ পিছত শীঘ্ৰেই চূড়ান্ত সম্পাদনাৰ কাম আৰম্ভ হ’ব, আৰু ইয়াৰ পিছতে দীপক দত্তৰ নিৰ্দেশত ছাউণ্ড ডিজাইনিঙৰ কাম আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...